অসম

assam

প্ৰান্তে প্ৰান্তে পুনৰ 'কা' বিৰোধী জনমত গঢ়ি তোলাৰ হুংকাৰ কৃষক মুক্তিৰ

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 8:06 PM IST

Reaction of KMSS : ৰাইজৰ প্ৰবল প্ৰতিবাদত বিফল হৈও বাৰে বাৰে 'কা' আইন জাপি দিব খোজা বিজেপি চৰকাৰৰ দম্ভালিলৈ ভয় নকৰে বুলি সকীয়াই দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

Reaction of KMSS
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক

গুৱাহাটী, ২৯ জানুৱাৰী : ২০২৪ৰ আসন্ন লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগ পুনৰ উত্থাপন কৰিছে বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰে । দেওবাৰৰ নিশা কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে পশ্চিমবংগত দাবী কৰে যে অহা ৭ দিনৰ ভিতৰত দেশত 'কা' কাৰ্যকৰী কৰা হ'ব । পশ্চিমবংগত কৰা এই মন্তব্যৰ পাছতে সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে সমগ্ৰ দেশৰ লগতে অসমতো তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসমে ৷

সংগঠনটোৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই এই লৈ ক্ষোভ প্ৰকাশ কৰি কয়," অসমৰ মানুহে কোনো কাৰণত 'কা' মানি নলয় ৷ উচ্চতম ন্যায়ালয়ৰ মজিয়াত 'কা"ক লৈ গোচৰ চলি থকা বাবে দলীয় বা সাংগাঠনিক পৰ্যায়ত আন্দোলন চলি থকা নাই যদিও কোনো কাৰণে আইনখন বলৱৎ হ'বলৈ দিয়া নহ'ব ।" পৰিস্থিতিগত কাৰণ আৰু ক'ভিডজনিত কাৰণত আন্দোলন স্থগিত হ'লেও এতিয়াও অসমীয়া জাতিয়ে 'কা'ৰ বিৰোধিতা কৰে ৷ উচ্চতম ন্য়ায়ালয়ত গোচৰ চলি থকা অৱস্থাতে এইদৰে যদি 'কা' বলৱৎ হয়, 'কা' অসমবাসীৰ ওপৰত জাপি দিয়া হয় তেন্তে পুনৰ জোৰদাৰ আন্দোলন গঢ়ি তোলা হ'ব ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই দাবী কৰি কয় যে অসমৰ প্ৰান্তে প্ৰান্তে পুনৰ 'কা' বিৰোধী জনমত গঢ়ি তোলা হ'ব ৷ বিদ্যুৎ শইকীয়াই পুনৰ দাবী কৰে যে অসমত এতিয়া প্ৰায় ১৭ লাখ অবৈধ হিন্দু বাংলাদেশী পলাই আছে । 'কা' কাৰ্যকৰী হ'লে বৰ্তমান বাংলাদেশত থকা এনআৰচিত আবেদন কৰা, নকৰাসহ প্ৰায় ১৭ লাখ হিন্দু বঙালীয়ে আইন বলবৎ কৰাৰ পিছত তাৎক্ষণিকভাৱে নাগৰিকত্ব লাভ কৰিব ।

তেওঁ কয়,"বাংলাদেশৰ পৰিসংখ্যা বিভাগে ইতিমধ্যেই প্ৰকাশ কৰিছে যে ১ কোটি, ৭৩ লাখ হিন্দু বাংলাদেশী দেশখনত আছে । আইন বলবৎ হোৱাৰ পাছত এইসকল অহাৰ বাট প্ৰশস্ত হ'ব । পশ্চিমবংগ চৰকাৰে ইতিমধ্যেই 'কা' আইন মানি নলওঁ বুলি ঘোষণা কৰি থৈছে । চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ অৱস্থা আমি সকলোৱে জানোৱেই । বাকী থাকিল অসম । ১৭ লাখ ইতিমধ্যেই আছে, তদুপৰি এইখন আইন বলবৎ হোৱাৰ পাছত বাংলাদেশৰ হিন্দু বাংলাদেশীৰ সমস্ত বোজা চিৰকাললৈ ল'ব লাগিব অসমে । যত অসমৰ ভাষা, সংস্কৃতি, পৰিচয় সকলো কাললৈ জাহ যাব আৰু এদিন 'অসমীয়া' বুলি আমাৰ পৰিচয় ইতিহাসৰ পাততহে কেৱল বাকী ৰ'বগৈ ।"

তেওঁ পুনৰ কয়," এই আইনৰ বিৰোধিতাৰে পাঁচজনকৈ অসমীয়া যুৱকৰ তেজেৰে ৰাঙলী অসমৰ মাটিত কোনো কাৰণত আইনখন বলবৎ হ'ব নোৱাৰিব । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মজিয়াৰ পৰা আৰম্ভণিৰ দিনতেই আমি আমাৰ দৃঢ় স্থিতি স্পষ্ট কৰিছিলো অসমবাসীৰ সমুখত । সেই স্থিতি কোনো কালে সলনি নহয় । বিজেপিৰ মন্ত্রীয়ে সদম্ভে ঘোষণা কৰিছে যে 'কা' আইন বলবৎ হ'বই, কোনো শক্তিয়ে বাধা প্ৰদান কৰিব নোৱাৰে । আমিও কৈছো, এই আইন বিৰোধ কৰাত আমাকো কোনো শক্তিয়ে বাধা দিব নোৱাৰে ।" তেওঁ কয়, "আমি অসমীয়াই ২০১৯ চনৰ পৰা 'কেব' (পৰৱৰ্তী সময়ত কা )ৰ বিৰুদ্ধে সৰ্বশক্তি প্ৰয়োগ কৰি যুঁজ কৰি আহিছো । কেব আন্দোলনৰ ভৰপক সময়ত সৃষ্টি হোৱা অনিয়ন্ত্রিত পৰিস্থিতিৰ পৰাও বিজেপি চৰকাৰখনে শিক্ষা ন'লৈ পুনৰ সদম্ভে ঘোষণা কৰিছে যে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰা হ'ব । আমিও কৈছো,পাঁচ জনকৈ শ্বহীদ বৰণ হ'ল, ৰাইজে প্ৰতিবাদেৰে সৃষ্টি কৰা অৰাজক পৰিস্থিতি দেখিলে । প্ৰয়োজনত ইয়াতকৈও শীৰ্ষত গৈ প্ৰতিবাদ হ'ব, আমি জীৱন দিম তথাপি কা মানি নলওঁ ।"

লগতে পঢ়ক:আৰক্ষীৰ বেষ্টনী ফালি হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰত জাঁপ দুধৰ্ষ চোৰাং চিকাৰী জগুৰ

ABOUT THE AUTHOR

...view details