অসম

assam

লখিমপুৰৰ নিৰ্বাচনী জনসভাৰ পৰা চীনলৈ কঠোৰ বাৰ্তা গৃহমন্ত্ৰী অমিত শ্বাহৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 5:32 PM IST

Amit Shah in Lakhimpur: আন দলসমূহৰ লগতে শাসকীয় দল বিজেপিয়েও তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান ৷ তাৰে অংশ হিচাপে আজি অসমলৈ আহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ অসমত উপস্থিত হৈ লখিমপুৰত নিৰ্বাচনী জনসভাত প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ চলালে গৃহমন্ত্ৰী অমিত শ্বাহে ৷

Amit Shah in Lakhimpur
লখিমপুৰৰ নিৰ্বাচনী জনসভাত গৃহমন্ত্ৰী অমিত শ্বাহ

লখিমপুৰৰ নিৰ্বাচনী জনসভাত গৃহমন্ত্ৰী অমিত শ্বাহ

লখিমপুৰ, 9 এপ্ৰিল:কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকালৈকে চুবুৰীয়া দেশ চীনে ভাৰতৰ পৰা এক ইঞ্চিও মাটি কাঢ়ি নিব নোৱাৰে বুলি কৈ অসমৰ ভূমিৰ পৰা তেওঁলোকক এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই কঠোৰ মন্তব্যৰ উপৰিও অসমক অৱহেলা কৰাৰ বাবে কংগ্ৰেছৰ শাসন কালক সমালোচনাৰ লক্ষ্য কৰি লয়। ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ উদ্ধৃতি দি শ্বাহে কয় যে সেই সময়ত ভাৰতৰ ভূমিত চীনা সামৰিক বাহিনীৰ অনুপ্ৰৱেশৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসম আৰু অৰুণাচল প্ৰদেশক কেনেকৈ "বিদায়" দিছিল সেয়া অঞ্চলটোৰ মানুহে কেতিয়াও পাহৰিব নোৱাৰে।

শ্বাহে তেওঁৰ ভাষণত কয় যে "১৯৬২ চনৰ চীনা আক্ৰমণৰ সময়ত নেহৰুৱে অসম আৰু অৰুণাচল প্ৰদেশক 'বাই বাই' কৈছিল। অসম-অৰুণাচলৰ লোকসকলে সেইকথা কেতিয়াও পাহৰিব নোৱাৰে।"

ডোকলাম সংঘৰ্ষৰ কথা উল্লেখ কৰি শ্বাহে দৃঢ়তাৰে কয় যে "কিন্তু এতিয়া চীনে আমাৰ ভূমিৰ এক ইঞ্চিও বেদখল কৰিব নোৱাৰে। আনকি ডোকলামতো আমি তেওঁলোকক পিছলৈ ঠেলি দিছিলো।"

বিজেপি চৰকাৰৰ প্ৰশংসা কৰি গৃহমন্ত্ৰীয়ে কয় যে অসমত বাংলাদেশী অনুপ্ৰৱেশ বন্ধ হৈছে যিটো পূৰ্বৰ চৰকাৰৰ শাসনকালত উন্মুক্ত হৈ আছিল। শ্বাহে লগতে কয় " তাৰ পিচত মোদী চৰকাৰ কেন্দ্ৰলৈ আহিল, আৰু অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ । এতিয়া, আমি ক'ব পাৰোঁ যে অনুপ্ৰৱেশ বন্ধ হৈছে।"

কংগ্ৰেছৰ শাসনক সমালোচনা কৰি শ্বাহে অভিযোগ কৰে যে ইন্দিৰা গান্ধীৰ দিনৰ পৰাই অসমত পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৰাজ্যখনৰ প্ৰতি অন্যায় কৰিছিল, আৰু হাজাৰ হাজাৰ যুৱকে হিংসাৰ পথ বাছি লৈ কৰি প্ৰাণ হেৰুৱাইছিল ।

ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছে বুলি ৰাইজক সোঁৱৰাই দি তেওঁ কয় যে "যোৱা ১০ বছৰত মোদী চৰকাৰৰ অধীনত শান্তি চুক্তি স্বাক্ষৰিত হৈছে আৰু ৯,০০০ যুৱকে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে। “

সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইনৰ বিষয়টো স্পৰ্শ কৰি শ্বাহে উল্লেখ কৰে যে বিতৰ্কিত আইনখন ইতিমধ্যে অসমৰ ৮০ শতাংশ অঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে।

তেওঁ ৰাজ্যখনত বাল্য বিবাহৰ প্ৰথা বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো প্ৰশংসা কৰে। উত্তৰ-পূবৰ উন্নয়ন, ৰাষ্ট্ৰৰ বিকাশৰ এক প্ৰমাণ বুলি কোৱাৰ সময়ত শ্বাহে স্থানীয় প্ৰাৰ্থী তথা সাংসদ প্ৰদান বৰুৱাক জয়ী কৰাবলৈ লগতে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰোৱাৰ বাবে বিজেপিক ভোট দিবলৈ ৰাইজক আহ্বান জনায় ।

লগতে পঢ়ক:পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ অগপত যোগদান: আলফা সমস্যা সমাধান হোৱা নাই বুলি মন্তব্য

ABOUT THE AUTHOR

...view details