অসম

assam

17 ৰ পৰা 19 এপ্ৰিললৈ চৰাইদেউ জিলাত ড্ৰাই ডে' ঘোষণা - Lok sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 3:08 PM IST

Lok sabha Election 2024: 17 এপ্ৰিলৰ পৰা চৰাইদেউ জিলাত ড্ৰাই ডে' ঘোষণা ৷ 19 এপ্ৰিলৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ভোটদানলৈ লক্ষ্য ৰাখি চৰাইদেউ জিলাৰ আয়ুক্তই জাৰি কৰে এই নিৰ্দেশনা ৷

Dry day order by charaideo DC
17 এপ্ৰিলৰ পৰা 19 এপ্ৰিললৈ চৰাইদেউ জিলাত ড্ৰাই ডে' ঘোষণা

মৰাণ, 16 এপ্ৰিল: সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে শেহতীয়াভাৱে জাৰি কৰিছে এক নিৰ্দেশনা ৷ নিৰ্দেশনা অনুসৰি চৰাইদেউ জিলাত অহা 17 এপ্ৰিলৰ দিনা সন্ধিয়া 5 বজাৰ পৰা ভোটদানৰ দিনা অৰ্থাৎ 19 এপ্ৰিলৰ দিনা সন্ধিয়া 5 বজালৈ ড্ৰাই ডে' ঘোষণা কৰা হৈছে ৷

17 এপ্ৰিলৰ পৰা 19 এপ্ৰিললৈ চৰাইদেউ জিলাত ড্ৰাই ডে' ঘোষণা

এই সময়ছোৱাত সুৰাজাতীয় সামগ্ৰী বিক্ৰী কৰা পাইকাৰী আৰু খুচুৰা বিপণিসমূহ তথা দেশীয় সুৰাৰ দোকানসমূহ বন্ধ থাকিব বুলি নিৰ্দেশনাটোত উল্লেখ আছে । উল্লেখযোগ্য যে, এই আদেশ উলংঘাকাৰীসকলৰ বিৰুদ্ধে অসম আবকাৰী আইনৰ প্ৰযোজ্য ধাৰাৰ অধীনত বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি শেহতীয়াকৈ প্ৰকাশিত নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, চৰাইদেউ জিলাখন প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লগা যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত । সেয়ে শাসক-বিৰোধী সকলো ৰাজনৈতিক দল তথা নেতা-কৰ্মীয়ে যুদ্ধংদেহীভাৱে চৰাইদেউ জিলাৰ অন্তৰ্গত সোণাৰি আৰু মাহমৰা সমষ্টিত চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান । যোৰহাট লোকসভা সমষ্টিত এইবাৰ শাসক দল বিজেপি মিত্ৰজোঁটৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেবিনেট মন্ত্ৰীসকলে দিনে-নিশাই প্ৰচাৰ অভিযান অব্যাহত ৰখা দেখা গৈছে ।

লক্ষণীয় বিষয় যে, তপন কুমাৰ গগৈৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে চৰাইদেউ জিলাখনত কেৱল দুটা দিনহে প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে । সামগ্ৰিক দৃষ্টিত চাবলৈ গ'লে চৰাইদেউ জিলাখনত বিজেপি মিত্ৰজোঁট প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ তৎপৰ হোৱা দেখা গৈছে যদিও যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে কোনগৰাকী প্ৰাৰ্থীক দিল্লীলৈ পঠিয়াব, সেয়াহে হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক:বিজেপিৰ বিৰুদ্ধে সাধাৰণ জনগণৰ যথেষ্ট ক্ষোভ আছে: কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কী - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details