অসম

assam

Bismita Gogoi: পদুমৰ প্ৰেমত পৰি হাতক বাই বাই বিস্মিতা গগৈৰ

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 7:48 PM IST

Bismita Gogoi likely to join BJP : বহুদিনীয়া চৰ্চা আৰু বিতৰ্কৰ অৱসান ঘটাই জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে শনিবাৰে ত্যাগ কৰিলে কংগ্ৰেছ দল ৷ অৱশ্যে বিস্মিতা গগৈৰ কংগ্ৰেছ ত্যাগ অৱশ্যম্ভাৱী আছিল ৷ ইতিমধ্যে ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বিস্মিতা গগৈয়ে ৷ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিদন্দ্বী ৰূপেই আনিছে নেকি বিস্মিতাক !

Bismita Gogoi resigned from Congress
বিস্মিতা গগৈয়ে ত্যাগ কৰিলে কংগ্ৰেছ দল

গুৱাহাটী, ২৭ জানুৱাৰী :বিজেপিত কাইলৈ (দেওবাৰ) যোগদান কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কংগ্ৰেছ ভূপেন বৰালৈ খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকাগৰাকীয়ে আজি (শনিবাৰ) বিয়লি প্ৰেৰণ কৰিছে নিজৰ পদত্যাগ পত্ৰ ৷

বিস্মিতা গগৈয়ে শনিবাৰে ত্যাগ কৰিলে কংগ্ৰেছ দল

ব্যক্তিগত কাৰণতে দলটোৰ প্ৰাথমিক সদস্যৰ পদৰ পৰাও পদত্যাগ কৰা বুলি উল্লেখ কৰিছে তেওঁ ৷ নিজৰ পদত্যাগ পত্ৰখনত বিস্মিতা গগৈয়ে উল্লেখ কৰিছে, “মহাশয়, দুখেৰে মই আপোনাক জনাব বিচাৰিছো যে মোৰ ওপৰত ন্যস্ত কৰা সকলো দলীয় পদৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা ব্যক্তিগত কাৰণত পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো’’ ৷

বিস্মিতা গগৈৰ কংগ্ৰেছ দল ত্যাগ

উল্লেখ্য যে, গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ পৰা দুবাৰকৈ কংগ্ৰেছৰ বিধায়কৰূপে বিস্মিতা গগৈয়ে জয়লাভ কৰিছিল । মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষৰটো শাসনকালত কিছু দিনৰ বাবে মন্ত্ৰী হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল বিস্মিতা গগৈয়ে ৷ আনহাতে, বিগত কেইবাটাও দশক জুৰি বিস্মিতা গগৈৰ পৰিয়ালটোৱে কংগ্ৰেছ দলৰ সৈতে জড়িত হৈ আহিছিল ৷

গগৈৰ শহুৰেক জীৱকান্ত গগৈ আছিল এজন প্ৰৱীণ কংগ্ৰেছ নেতা, তেওঁ অসম বিধানসভাৰ অধ্যক্ষৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল । ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি ক’লেও কিন্তু কাইলৈ দেওবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত বিজেপিত বিয়লি ৩ বজাত হ’বলগীয়া অনুষ্ঠানত বিজেপিত যোগ দি গেৰুৱা বস্ত্ৰ পৰিধান কৰিব তেওঁ ৷

বিস্মিতা গগৈৰ লগতে কাইলৈ বিজেপিত যোগদান কৰিব কংগ্ৰেছ দলৰ অসম যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্ত, প্ৰাক্তন আছু নেতা দীপাংক নাথ আৰু প্ৰকাশ দাসৰ লগতে আন ভালেকেইগৰাকী ৰাজনৈতিক আৰু অৰাজনৈতিক ব্যক্তিয়ে ৷

বিস্মিতাৰ বিজেপি গমনত সলনি হ’ব নেকি খুমটাইৰ ৰাজনীতি ? :

বিস্মিতা গগৈয়ে বিজেপিত যোগদান কৰাটো নিশ্চিত হৈ পৰাৰ লগে লগেই গোলাঘাট আৰু খুমটাইৰ ভৱিষ্যতৰ ৰাজনীতিক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ খুমটাই সমষ্টিৰ পৰা দুবাৰকৈ বিধায়িকা হোৱাৰ বিপৰীতে দুবাৰকৈ পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে বিস্মিতা গগৈয়ে ৷

প্ৰশ্ন উঠিছে বিস্মিতা গগৈৰ বিজেপি আগমনে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰতি ৰাজনৈতিক শংকা কঢ়িয়াই আনিব নেকি ? লগতে দেখা গৈছে যে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই বিগত সময়বোৰত কঠোৰভাৱে নিজৰ দলৰ চৰকাৰখনক বিভিন্ন সময়ত কঠোৰভাৱে সমালোচনা কৰি আহিছে ৷

আনহাতে, বিধায়ক শইকীয়া বিজেপিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিৰোধী শিবিৰৰ বুলি পৰিচিত ৷ সেয়ে পৰৱৰ্তী সময়বোৰত মৃণাল শইকীয়াৰ বিকল্পৰূপে বিস্মিতা গগৈক প্ৰক্ষেপ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাইছে বুলিও চৰ্চা চলিছে ৷

অৱশ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আজি এই যোগদানৰ ফলত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ ওপৰত কোনো প্ৰভাৱ নপৰে বুলি মন্তব্য কৰিছে সাংবাদিকৰ সন্মুখত ৷

লগতে পঢ়ক :কোন কোন নেতাই কাইলৈ যোগদান কৰিব বিজেপিত ? জনালে ভৱেশ কলিতাই

ABOUT THE AUTHOR

...view details