জনিয়া, ৩০ এপ্ৰিল:মঙলবাৰে বিয়লি ২ নং ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জনিয়াত AIUDF দলৰ এক বিশাল নিৰ্বাচনী জনসভা অনুষ্ঠিত হয় । উক্ত সভাত উপস্থিত থাকে ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল, ভাতৃ চিৰাজ উদ্দিন আজমলৰ লগতে বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীসকল । সভাত ৰকিবুল হুছেইন গ' বেক, ৰকিবুল হুছেইন মুৰ্দাবাদ, ৰকিবুল হুছেইনৰ দালালি নচলিব, অখিল গগৈ-লুৰীণ গগৈৰ বদমাছী নচলিব আদি বিভিন্ন শ্ল'গানেৰে বদৰুদ্দিন আজমলে আকাশ-বতাহ কঁপাই তোলে ।
ৰকিবুল হুছেইন, অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈক সমালোচনা কৰি আজমলে বাংলা ডায়লগেৰে কয়, "চোৰে চোৰে আলি, এক চোৰে বিয়া কৰে আৰেক চোৰেৰ শালী" ৷
আনহাতে বিধায়ক চিৰাজ উদ্দিন আজমল, ৰফিকুল ইছলাম আৰু আমিনুল ইছলামে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ লগতে কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে । লগতে কয় ৰকিবুল হুছেইন ডাঙৰ চোৰ, তেওঁৰ লগতে আছে দুটা সৰু সৰু চোৰ । অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে বিজেপিৰ লগত কাম কৰি হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লৈ, এইবাৰ আহিছে ৰকিবুল হুছেইনৰ পৰা টকা ল'বলৈ ।