অসম

assam

মুখ্যমন্ত্ৰীৰ এটাই চিন্তা ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব : ভূপেন বৰা - Lok sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 9:52 AM IST

Lok sabha Election 2024: গোগামুখত উদয় শংকৰ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ অখিল গগৈ আৰু ভূপেন বৰাৰ । 14 নং যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী গৌৰৱ গগৈয়ে অংশগ্ৰহণ কৰে টীয়কৰ কেইবাখনো নিৰ্বাচনী সভাত ৷ বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ বিৰোধী নেতা ৷

Assam CM is worried about who will be the next CM of the state SAID Bhupen Kumar Borah
"মুখ্যমন্ত্ৰীৰ এটাই চিন্তা 'ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব' ": সভাপতি ভূপেন বৰা

"মুখ্যমন্ত্ৰীৰ এটাই চিন্তা 'ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব' ": সভাপতি ভূপেন বৰা

ধেমাজি, 7 এপ্ৰিল: 12 নং লক্ষীমপুৰ লোকসভা সমষ্টিৰ ইণ্ডিয়া মিত্ৰজোঁটৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিধায়ক অখিল গগৈয়ে ৷ গোগামুখ মহৰিকেম্প গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত আয়োজন কৰা হয় এই নিৰ্বাচনী সভাৰ ৷ বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ হৈ প্ৰচাৰ অভিযানত অংশ লৈ ভূপেন বৰা আৰু অখিল গগৈয়ে শাসনাধিষ্ঠিত বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

ভাষণত অখিল গগৈয়ে মূল্যবৃদ্ধিৰ প্ৰসংগ উল্লেখ কৰাৰ লগতে নকল অৰুণোদয় ফৰ্ম লৈ বিজেপিয়ে ঘৰে ঘৰে যাব লগা হোৱা প্ৰসংগ উল্লেখ কৰি বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ নদীবান্ধৰ বিৰোধিতা কৰাসকলক বিজেপিক ভোট নিদিবলৈ আহ্বান জনায় বিধায়ক অখিল গগৈয়ে ।

"মুখ্যমন্ত্ৰীৰ এটাই চিন্তা 'ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব' ": সভাপতি ভূপেন বৰা

আনহাতে, জাতীয় সমস্যাবোৰৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাই ৰাখিবলৈহে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'মুখ্যমন্ত্ৰী কোন হ’ব' জাতীয় প্ৰশ্ন সংবাদ মাধ্যমৰ উল্লেখ কৰি আহিছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় ৷ ইয়াৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীৰ 'ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব' ইয়াৰ বাহিৰে আন কোনো কথাৰেই চিন্তা নাই বুলি মুখ্যমন্ত্ৰী শৰ্মাক কটাক্ষ কৰে ৷

আনহাতে, নিৰ্বাচনী প্ৰচাৰ তুংগত কৰিছে 14 নং যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৷ শনিবাৰে টীয়কৰ কাকজান দ’ গাঁও, উত্তৰদুলীয়া গাঁওকে ধৰি কেইবাটাও স্থানত অনুষ্ঠিত হয় গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা । উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা পল্লৱী গগৈ, ব্লক সভাপতি-সম্পাদক, যুৱ কংগ্ৰেছৰ সভাপতি-সম্পাদক, মহিলা কংগ্ৰেছৰ বিষয়ববীয়াকে প্ৰমুখ্য কৰি ভালেসংখ্যক কৰ্মী-সমৰ্থক উপস্থিত থাকে ৷

গগৈয়ে কংগ্ৰেছ চৰকাৰ আহিলে প্ৰথমে অংগনৱাড়ী কৰ্মী সহায়িকাক প্ৰাপ্য মজুৰি বৃদ্ধি কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে । ৰাইজক কেৱল আঁচনি প্ৰদানেৰে এতিয়া আৰু বিজেপিয়ে আকৰ্ষিত কৰিব নোৱাৰে বুলি উল্লেখ কৰি অত্যধিক নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

লগতে পঢ়ক:অৰুণোদয় প্ৰ-পত্ৰৰ জালিয়াতি ! গোচৰ তৰিব অসম জাতীয় পৰিষদে - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details