ইণ্টাৰনেচনেল ডেস্ক, ১১ মাৰ্চ : ইণ্ডোনেছিয়াৰ সুমাত্ৰা দ্বীপত মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হয় আকস্মিক বান আৰু ভূমিস্খলন । আনহাতে, পানী হ্ৰাস হোৱাৰ লগে লগে উদ্ধাৰকাৰীসকলে অধিক মৃতদেহ উদ্ধাৰ কৰে । এই বান আৰু ভূমিস্খলৰ ফলত কমেও ২৬ জন লোকৰ মৃত্যু আৰু ১১ জন সন্ধানহীন হোৱা বুলি বিষয়াসকলে সোমবাৰে প্ৰকাশ কৰিছে ।
উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা মৌচুমী বৰষুণ আৰু নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত পশ্চিম সুমাত্ৰা প্ৰদেশৰ নখন জিলা আৰু চহৰ জলমগ্ন হয় । আনহাতে, শুকুৰবাৰে এক ডাঙৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । এখন নদীৰ মথাউৰি ভাঙি পেচিচিৰ চেলাটান জিলাৰ পাহাৰৰ কাষৰ গাঁওবোৰ উটুৱাই লৈ যায় ।
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই জনোৱা মতে, বিদ্যুৎ ঘাটি, ক্ষতিগ্ৰস্ত দলং আৰু বোকা আৰু ধ্বংসাৱশেষৰ ফলত পথ অৱৰোধ হোৱাৰ ফলত উদ্ধাৰ আৰু সাহায্য অভিযান বাধাগ্ৰস্ত হৈছে ।
সংস্থাটোৰ মুখপাত্ৰ আব্দুল মুহাৰীয়ে প্ৰকাশ কৰা মতে, উদ্ধাৰকাৰীয়ে অধিক মৃতদেহ উদ্ধাৰ কৰিছে । ইয়াৰে বেছিভাগ পেচিচিৰ চেলাটান আৰু ইয়াৰ চুবুৰীয়া পাদাং জিলাৰ । এইকেইখন জিলাত গাঁওবোৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে । যাৰ ফলত মৃত্যুৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পায় ।