অসম

assam

চন্দ্ৰপৃষ্ঠত ঐতিহাসিক অৱতৰণ জাপানৰ 'মুন স্নাইপাৰ'ৰ

By ANI

Published : Jan 20, 2024, 9:45 AM IST

Updated : Jan 20, 2024, 2:20 PM IST

Japan Moon Sniper : এই অৱতৰণে জাপানক এই শতিকাত চন্দ্ৰত অৱতৰণ কৰা তৃতীয়খন দেশ আৰু সামগ্ৰিকভাৱে পঞ্চমখন দেশ হিচাপে পৰিগণিত কৰিছে ।

চন্দ্ৰপৃষ্ঠত ঐতিহাসিক অৱতৰণ জাপানৰ 'মুন স্পাইনাৰ'ৰ
চন্দ্ৰপৃষ্ঠত ঐতিহাসিক অৱতৰণ জাপানৰ 'মুন স্পাইনাৰ'ৰ

ইণ্টাৰনেচনেল ডেস্ক, ২০ জানুৱাৰী :চন্দ্ৰত মসৃণ অৱতৰণ কৰা পঞ্চম ৰাষ্ট্ৰ হিচাপে ইতিহাস সৃষ্টি কৰিলে জাপানে । জাপানে ইয়াৰ 'মুন স্নাইপাৰ' ৰবটিক এক্সপ্ল'ৰাৰৰ দ্বাৰা চন্দ্ৰত সফলতাৰে অৱতৰণ সম্পূৰ্ণ কৰি এই ইতিহাস ৰচনা কৰে । জাপান এৰোস্পেচ এক্সপ্লোৰেচন এজেন্সীৰ উদ্ধৃতি দি চিএনএনে এই বাতৰি প্ৰকাশ কৰিছে । কিন্তু মহাকাশযানৰ সৌৰ কোষে বিদ্যুৎ উৎপাদন নকৰাৰ বাবে এই অভিযানটো অকালতে সমাপ্ত হ'ব পাৰে বুলিও আশংকা কৰা হৈছে ।

সংস্থাটোৱে জনোৱা অনুসৰি, ই বৰ্তমান লেণ্ডাৰৰ পৰা এটা সংকেত লাভ কৰি আছে । যিয়ে আশা কৰা অনুসৰি যোগাযোগ কৰি আছে । জেএএক্সএৰ পোনপটীয়া সম্প্ৰচাৰত প্ৰকাশ কৰা টেলিমেট্ৰি তথ্য অনুসৰি, স্মাৰ্ট লেণ্ডাৰ ফৰ ইনভেষ্টিগেটিং মুন (Smart Lander for Investigating Moon) বা শ্লিম (SLIM) মিছনটো শুকুৰবাৰে পুৱা 10.20 বজাত (স্থানীয় সময় অনুসৰি নিশা 12.20 বজাত) অৱতৰণ কৰে ।

বৰ্তমান লেণ্ডাৰটোৱে সীমিত বেটাৰীৰ শক্তিৰে কাম কৰি আছে । যাৰ ফলত ই কেৱল কেইঘণ্টামান চলিব বুলি আশা কৰা হৈছে । লগতে জেএএক্সএ দলে সৌৰ কোষ সমস্যাৰ কাৰণ আৰু লেণ্ডাৰৰ পৰৱৰ্তী পদক্ষেপবোৰ নিৰ্ধাৰণ কৰিবলৈ তথ্য বিশ্লেষণ কৰি আছে । সৌৰ কোষৰ সমস্যা এই কাৰণে হ'ব পাৰে কাৰণ মহাকাশযানখনে নিৰ্দিষ্ট দিশত গতি কৰা নাই । জেএএক্সএ বিষয়াসকলে কয় ।

চিএনএনৰ মতে, এতিয়াও আশা কৰা হৈছে যে চন্দ্ৰত সৌৰ কোণ সলনি হোৱাৰ লগে লগে সৌৰ কোষে পুনৰ চাৰ্জ কৰিবলৈ সক্ষম হ'ব পাৰে । কিন্তু ইয়াৰ বাবে কিছু সময় লাগিব পাৰে আৰু ই নিৰ্ভৰ কৰিব যে শ্লিম শীতল চন্দ্ৰ নিশাৰ পৰা বাচি থাকিব পাৰিবনে নাই । বিজ্ঞানীৰ দলটোৱে এক সংবাদমেলত প্ৰকাশ কৰে ।

আনহাতে, সংস্থাটোৱে বিশ্বাস কৰে যে অভিযানটোক 'নিম্নতম সফলতা' বুলি ঘোষণা কৰাৰ চৰ্ত পূৰণ কৰিছে । কিয়নো মহাকাশযানখনে অপ্টিকেল নেভিগেশ্বন ব্যৱহাৰ কৰি এক সঠিক আৰু মসৃণ চন্দ্ৰ অৱতৰণ লাভ কৰিছে । এই অৱতৰণে জাপানক এই শতিকাত চন্দ্ৰত অৱতৰণ কৰা তৃতীয়খন দেশ আৰু সামগ্ৰিকভাৱে পঞ্চমখন দেশ হিচাপে পৰিগণিত কৰিছে ।

লগতে পঢ়ক :চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণৰ অভিযান সন্দৰ্ভত নতুন তথ্য নাছাৰ

Last Updated : Jan 20, 2024, 2:20 PM IST

ABOUT THE AUTHOR

...view details