অসম

assam

অষ্ট্ৰেলিয়ালৈ কোকেইন ৰপ্তানিৰ অপৰাধত 33 বছৰৰ কাৰাদণ্ড ভাৰতীয় মূলৰ দম্পতীক

By PTI

Published : Jan 31, 2024, 9:08 AM IST

Exporting cocaine to Australia: ব্ৰিটেইনৰ এটা ভাৰতীয় মূলৰ দম্পতীক বিহা হৈছে 33 বছৰৰ কাৰাদণ্ড ৷ অষ্ট্ৰেলিয়ালৈ ডেৰ টনতকৈ অধিক কোকেইন ৰপ্তানি কৰাৰ অভিযোগত দোষী সাব্যস্ত হৈছে দম্পতীটো ৷ তুলি লোৱা পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল দম্পতীটোৰ বিৰুদ্ধে ৷ সোমবাৰে চাউথৱাৰ্ক ক্রাউন ক’ৰ্টত বিচাৰৰ অন্তত জুৰীয়ে ৰপ্তানিৰ 12 টা আৰু ধন সৰবৰাহৰ 18 টা গোচৰত দোষী সাব্যস্ত কৰে দম্পতীটোক ৷ মঙলবাৰে একেখন আদালতে দুয়োকে শাস্তি প্ৰদান কৰে ।

Indian-origin couple jailed for 33 years in UK for exporting over half tonne cocaine to Australia
Exporting cocaine to Australia

ইণ্টাৰনেশ্যনেল ডেস্ক, 31 জানুৱাৰী:তুলি লোৱা পুত্ৰক হত্যা কৰাৰ অভিযোগত ভাৰতে প্ৰত্যাৰ্পণ বিচৰা ব্ৰিটেইনৰ এটা ভাৰতীয় মূলৰ দম্পতীক বিহা হৈছে 33 বছৰৰ কাৰাদণ্ড ৷ অষ্ট্ৰেলিয়ালৈ ডেৰ টনতকৈ অধিক কোকেইন ৰপ্তানি কৰাৰ অভিযোগত দোষী সাব্যস্ত হৈছে দম্পতীটো ৷

2021 চনৰ মে’ মাহত ছিডনীত উপস্থিত হোৱাৰ লগে লগে অষ্ট্ৰেলিয়াৰ সীমান্ত বাহিনীয়ে 57 মিলিয়ন পাউণ্ডৰ কোকেইন আটক কৰাৰ পিছতে হেনৱেলৰ আৰ্তি ধীৰ (59) আৰু কাভালজিৎসিংহ ৰাইজাদা (35) ক নেশ্যনেল ক্ৰাইম এজেন্সীৰ তদন্তকাৰীয়ে চিনাক্ত কৰে বুলি সোমবাৰে এক বিবৃতিযোগে জনায় ।

তদন্তকাৰীয়ে জানিবলৈ দিয়া অনুসৰি, দম্পতীটোৱে ধাতুৰ সঁজুলি বাকচৰ কভাৰ লোডৰ তলত বিমানযোগে ড্ৰাগছ প্ৰেৰণ কৰিছিল । এই গোচৰত কাম কৰা এনচিএৰ তিনিজন বিষয়া ন্যায়াধীশৰ দ্বাৰা প্ৰশংসিত হয় । ধীৰ আৰু ৰাইজাদাই অষ্ট্ৰেলিয়ালৈ কোকেইন ৰপ্তানি আৰু ধন সৰবৰাহৰ কথা অস্বীকাৰ কৰে । সোমবাৰে চাউথৱাৰ্ক ক্রাউন ক’ৰ্টত বিচাৰৰ অন্তত জুৰীয়ে ৰপ্তানিৰ 12 টা আৰু ধন সৰবৰাহৰ 18 টা গোচৰত দোষী সাব্যস্ত কৰে দুয়োকে । মঙলবাৰে একেখন আদালতে দুয়োকে শাস্তি প্ৰদান কৰে ।

দুয়োয়ে ৰপ্তানি কৰা ড্ৰাগছবোৰ ব্ৰিটেইনৰ পৰা বাণিজ্যিক বিমানযোগে প্ৰেৰণ কৰা হৈছিল আৰু ইয়াত ছটা ধাতুৰ সঁজুলিৰ বাকচ আছিল, যিবোৰl 514 কিলোগ্ৰাম কোকেইন পোৱা গৈছিল ।

অষ্ট্ৰেলিয়াত এই ড্ৰাগছখিনিৰ বজাৰ মূল্য 57 মিলিয়ন পাউণ্ড পৰ্যন্ত হ’লহেঁতেন ৷ ব্ৰিটেইনতকৈ ইয়াত দাম যথেষ্ট বেছি । ব্ৰিটেইনত পাইকাৰী বিক্ৰীত এক কিলো কোকেইনৰ মূল্য প্ৰায় 26 হাজাৰ পাউণ্ড যদিও অষ্ট্ৰেলিয়াত ইয়াৰ মূল্য হ’ব 1 লাখ 10 হাজাৰ পাউণ্ড ।

উল্লেখ্য যে, ধীৰ আৰু ৰাইজাদাই একমাত্ৰ ড্ৰাগছ সৰবৰাহৰ উদ্দেশ্যেৰে ভিফ্লি ফ্ৰেইট চাৰ্ভিচেছ নামৰ এটা ফ্ৰন্ট কোম্পানী স্থাপন কৰিছিল । 2015 চনৰ জুন মাহত কোম্পানীটো গঠন হোৱাৰ পিছত দুয়োয়ে বিভিন্ন সময়ত কোম্পানীটোৰ পৰিচালক হিচাপে কাম কৰিছিল ।

জব্দ কৰা ড্ৰাগছ থকা ধাতুৰ সঁজুলি বাকচবোৰৰ প্লাষ্টিকৰ ৰেপিঙত ৰাইজাদাৰ আঙুলিৰ চাপ উদ্ধাৰ হোৱাৰ বিপৰীতে 2855 পাউণ্ডৰ সঁজুলি বাকচবোৰৰ অৰ্ডাৰৰ ৰচিদ দম্পতীটোৰ ঘৰত উদ্ধাৰ কৰা হৈছে । NCAৰ গোচৰ অনুসৰি, 2019 চনৰ জুন মাহৰ পৰা অষ্ট্ৰেলিয়ালৈ 37 টা চালান প্ৰেৰণ কৰা হৈছে, ইয়াৰে 22 টা ডামি ৰাণ আৰু 15 টাত কোকেইন আছিল ।

2003 চনৰ মাৰ্চৰ পৰা 2016 চনৰ অক্টোবৰ মাহলৈকে হিথ্ৰ’ৰ এটা বিমান সেৱা কোম্পানীত কৰ্মৰত আছিল ধীৰ । 2014 চনৰ মাৰ্চৰ পৰা 2016 চনৰ ডিচেম্বৰলৈকে একেটা কোম্পানীতে কাম কৰিছিল ৰাইজাদাই । NCAৰ তদন্তকাৰীয়ে বিমানবন্দৰৰ মালবাহী পদ্ধতিৰ বিষয়ে জ্ঞান আহৰণ কৰি সেইবোৰ অপৰাধমূলক কাৰ্যকলাপত প্ৰয়োগ কৰিছিল বুলি কয়৷

2021 চনৰ 21 জুনত হেনৱেলস্থিত ঘৰত ধীৰ আৰু ৰাইজাদাক গ্ৰেপ্তাৰ কৰা হয় আৰু বিষয়াসকলে ঘৰৰ ভিতৰত 5000 পাউণ্ড মূল্যৰ সোণেৰে ঢাকি থোৱা ৰূপৰ বাৰ, 13000 পাউণ্ড জব্দ কৰে আৰু এটা ছেফটি ডিপজিট বক্সত 60,000 পাউণ্ড নগদ ধন উদ্ধাৰ কৰে । অধিক তদন্তৰ অন্তত 2023 চনৰ ফেব্ৰুৱাৰী মাহত পুনৰ গ্ৰেপ্তাৰ কৰা হয় এই দম্পতিটোক ।

NCAৰ বিষয়াসকলে হেনৱেলৰ এটা ষ্ট’ৰেজ ইউনিটত বাকচ আৰু ছুটকেছত লুকুৱাই থোৱা প্ৰায় 30 লাখ পাউণ্ড নগদ ধন উদ্ধাৰ কৰে, যিটো ৰাইজাদাই মাকৰ নামত ধাৰত লৈছিল । বিত্তীয় অনুসন্ধানত ইলিঙত 800000 লাখ পাউণ্ডত এটা ফ্লেট আৰু 62,000 হাজাৰ পাউণ্ডত এখন লেণ্ড ৰভাৰো ক্ৰয় কৰিছিল বুলি প্ৰকাশ পাইছে ।

তদন্তত দেখা গৈছে যে দম্পতীটোৰ বেংক একাউণ্টত আয়ৰ সৈতে সামঞ্জস্য নোহোৱা নগদ ধন মজুত আছিল । 2019 চনৰ পৰা 22 টা ভিন্ন বেংক একাউণ্টত প্ৰায় 7 লাখ 40 হাজাৰ পাউণ্ড নগদ ধন জমা দিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে ধন সৰবৰাহৰ অভিযোগ উত্থাপন হৈছিল । NCA ই এতিয়া দম্পতিটোৰ সম্পত্তি কাঢ়ি নিবলৈ প্ৰচিডছ অৱ ক্ৰাইমৰ গোচৰ আৰম্ভ কৰিব বুলিও কোৱা হৈছে ।

উল্লেখ্য যে, দম্পতীটোৰ বিৰুদ্ধে উত্থাপিত হৈছিল হত্যাৰ অভিযোগ ৷ 2017 চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতত তেওঁলোকৰ 11 বছৰীয়া তুলি লোৱা পুত্ৰক হত্যাৰ অভিযোগ উঠিছিল ৷ গুজৰাট আৰক্ষীয়ে তদন্তত দাবী কৰিছিল যে অভিযুক্তই ল’ৰাটোক তুলি লোৱাৰ পৰিকল্পনা ৰচনা কৰিছিল আৰু তাৰ পিছত তেওঁক প্ৰায় 1.3 কোটি টকাৰ বীমা কৰাৰ পিছত ভাৰতত তেওঁৰ অপহৰণ আৰু হত্যাকাণ্ডৰ নাটক কৰি জীৱন বীমাৰ ধন আত্মসাৎ কৰিছিল ।

ইউৰোপীয় মানৱ অধিকাৰ চুক্তিৰ 3 নং অনুচ্ছেদৰ অধীনত মানৱ অধিকাৰৰ ভিত্তিত 2019 চনৰ জুলাই মাহত লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ মেজিষ্ট্ৰেট আদালতে এই দম্পতীটোৰ ভাৰতলৈ প্ৰত্যাৰ্পণৰ অনুৰোধ নাকচ কৰিছিল । 2020 চনৰ ফেব্ৰুৱাৰী মাহত লণ্ডনৰ উচ্চ ন্যায়ালয়ত ভাৰতৰ আবেদনো খাৰিজ কৰা হৈছিল ।

লগতে পঢ়ক:শ্ৰীলংকাৰ জলপৃষ্ঠত চোৰাং চিকাৰ; ১০ ভাৰতীয় মাছমৰীয়াৰ শাস্তি স্থগিত

ABOUT THE AUTHOR

...view details