অসম

assam

যুদ্ধভূমিত সৰ্বাধিক ক্ষতিগ্ৰস্তসকলক তাৎক্ষণিকভাবে সকাহ প্ৰদানৰ পোষকতা এছ জয়শংকৰৰ

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 8:17 AM IST

India on Gaza-Israel Conflict: ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ 55 সংখ্যক অধিৱেশনত ভাষণ দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে যুদ্ধবিধ্বস্ত গাজাৰ সংঘাত সন্দৰ্ভত ’উদ্বেগ’ প্ৰকাশ কৰে ৷ যুদ্ধভূমিত আটাইতকৈ বেছি ক্ষতিগ্ৰস্তসকলক তাৎক্ষণিকভাবে সকাহ প্ৰদানৰ পোষকতা এছ জয়শংকৰৰ ।

India Voices 'Great Concern' Over Situation In War-Ravaged Gaza
যুদ্ধভূমিত সৰ্বাধিক ক্ষতিগ্ৰস্তসকলক তাৎক্ষণিকভাবে সকাহ প্ৰদানৰ পোষকতা এছ জয়শংকৰৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 27 ফেব্ৰুৱাৰী:অব্যাহত গাজা-ইজৰাইল সংঘাত ৷গাজাৰ সংঘাত সন্দৰ্ভত ’উদ্বেগ’ প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৷ ভাৰতে কয় যে এই সংঘাতৰ পৰা উদ্ভৱ হোৱা মানৱীয় সংকটৰ বাবে এনে এক বহনক্ষম সমাধানৰ প্ৰয়োজন যিয়ে আটাইতকৈ বেছি ক্ষতিগ্ৰস্তসকলক তাৎক্ষণিকভাবে সকাহ প্ৰদান কৰে ।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ 55 সংখ্যক অধিৱেশনত ভাষণ দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সন্ত্ৰাসবাদ আৰু পণবন্দী কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি কয় আৰু এই সংঘাত অঞ্চলটোৰ ভিতৰত বা বাহিৰলৈ বিয়পি নাযায় বুলি আশা প্ৰকাশ কৰে । যোৱা বছৰৰ 7 অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত চলোৱা সন্ত্ৰাসবাদী আক্ৰমণক ভাৰতে তীব্ৰ গৰিহণা দিছিল ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইনক সদায় সন্মান কৰিব লাগিব বুলি উল্লেখ কৰি ইজৰাইলৰ ভিতৰত পেলেষ্টাইনী জনসাধাৰণে বাস কৰিব পৰাকৈ দুখন ৰাষ্ট্ৰৰ সমাধান বিচৰাৰ ওপৰতো প্ৰচেষ্টা কেন্দ্ৰীভূত হ’ব লাগিব বুলিও কয় । চলিত মাহৰ আৰম্ভণিতে মিউনিখ নিৰাপত্তা সন্মিলনত অনুষ্ঠিত এক ইন্টাৰেক্টিভ অধিবেশনত ভাষণ দি জয়শংকৰে পেলেষ্টাইন বিষয়ত ভাৰতৰ দীৰ্ঘদিনীয়া স্থিতি সন্দৰ্ভত আলোকপাত কৰিছিল ।

"ভাৰতে দীৰ্ঘদিন ধৰি দুয়োখন দেশৰ সমস্যাৰ সমাধানত বিশ্বাস কৰি আহিছে । আমি বহু দশক ধৰি সেই স্থিতি অক্ষুণ্ণ ৰাখিছো আৰু মই ভাবো, আজি বিশ্বৰ আৰু বহু দেশে অনুভৱ কৰে যে কেৱল দুখন ৰাষ্ট্ৰৰ সমাধান প্ৰয়োজনীয় নহয়, বৰঞ্চ ই আগৰ তুলনাত অধিক জৰুৰী হৈ পৰিছে ।"

7 অক্টোবৰত হামাছ সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ চহৰসমূহত সংঘটিত কৰা অভূতপূৰ্ব আক্ৰমণৰ প্ৰতিশোধৰ অংশ হিচাপে ইজৰাইলে গাজাত সামৰিক আক্ৰমণ দিনক দিনে তীব্ৰতৰ কৰি তুলিছে । ইজৰাইলত হামাছে প্ৰায় 1200 জন লোকক হত্যা কৰাৰ লগতে 220 জনতকৈ অধিক লোকক অপহৰণ কৰে, ইয়াৰে কিছুমানক চমু যুদ্ধবিৰতিৰ সময়ত মুকলি কৰি দিয়া হয় ।

ইজৰাইলৰ আক্ৰমণত গাজাত প্ৰায় 30 হাজাৰ লোক নিহত হৈছে বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই উল্লেখ কৰিছে ।

লগতে পঢ়ক:হামাছক একাষৰীয়া কৰিবলৈ উত্তৰ গাজাৰ মাজেৰে মানৱীয় সাহায্য প্ৰেৰণ কৰিব ইজৰাইলে

ABOUT THE AUTHOR

...view details