ETV Bharat / international

হামাছক একাষৰীয়া কৰিবলৈ উত্তৰ গাজাৰ মাজেৰে মানৱীয় সাহায্য প্ৰেৰণ কৰিব ইজৰাইলে

author img

By ANI

Published : Feb 26, 2024, 8:57 AM IST

Israel to bypass Hamas: ইজৰাইলৰ চাৰি মাহজোৰা বায়ু আৰু স্থল আক্ৰমণ আটাইতকৈ ধ্বংসাত্মক হিচাপে পৰিগণিত হৈছে । সেয়ে উত্তৰ গাজাৰ মাজেৰে মানৱীয় সাহায্য প্ৰেৰণ কৰি ইজৰাইলে হামাছক একাষৰীয়া কৰিবলৈ ঠিৰাং কৰিছে ৷

EIsrael to bypass Hamas
উত্তৰ গাজাৰ মাজেৰে মানৱীয় সাহায্য প্ৰেৰণ কৰি হামাছক প্ৰতিহত কৰিব ইজৰাইলে

ইন্টাৰনেশ্যনেল ডেস্ক, 26 ফেবাৰুৱাৰী : ইজৰাইলৰ যুদ্ধ কেবিনেটে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত ৷ উত্তৰ গাজাৰ মাজেৰে মানৱীয় সাহায্য প্ৰেৰণ কৰি ইজৰাইলে হামাছক একাষৰীয়া কৰিব ৷ বৰ্তমানলৈকে মানৱীয় সাহায্য কেৰেম শ্বালম ক্ৰছিং বা ইজিপ্তৰ ৰাফাহ ক্ৰছিঙৰ মাজেৰে পাৰ হৈ গৈছে । দুয়োটা গাজাৰ দক্ষিণ মূৰত ৰাফাহৰ কাষতে আছে ৷ য’ত হামাছৰ চাৰিটা বেটেলিয়ন আছে বুলি জানিব পৰা গৈছে ।

আনকি হামাছে খাদ্য, পানী, ঔষধ, ইন্ধন আৰু অন্যান্য সাহায্য কঢ়িয়াই অনা ট্ৰাক হাইজেক কৰি আহিছে । সেয়ে অনাগত দিনত ইজৰাইলৰ নিয়ন্ত্ৰণত থকা গাজাৰ অঞ্চলসমূহলৈ কিবুটজ নাহাল অজৰ ওচৰৰ পুৰণি কাৰ্নি ক্ৰছিং ছাইটৰ জৰিয়তে ডেলিভাৰী কৰা হ’ব ।

জানিব পৰা মতে, কাৰ্নি আছিল এটা কাৰ্গো টাৰ্মিনেল ৷ যিটো ১৯৯৪ চনত অস্লো চুক্তি (Oslo Accords) স্বাক্ষৰিত হোৱাৰ পিচত মুকলি কৰা হৈছিল ২০২২ চনত । ‘‘হামাছক খুৱাব নালাগে’’ বুলি ধ্বনি দিয়া প্ৰতিবাদকাৰীসকলে কেৰেম শ্বালম ক্ৰছিং আৰু ডেলিভাৰী পৰিদৰ্শন কৰা অন্যান্য স্থানত সাহায্য ট্ৰাকসমূহ হাইজেক কৰিবলৈ চেষ্টা কৰি আহিছে ।

প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সাহায্য হস্তান্তৰৰ ৰক্ষা কৰি কয় যে পণবন্দীসকলক মুক্ত কৰিবলৈ আৰু হামাছক গাজাৰ নিয়ন্ত্ৰণৰ পৰা আঁতৰাবলৈ যুদ্ধ অব্যাহত ৰাখিবলৈ কিছু পৰিমাণে সাহায্যৰ প্ৰয়োজন । কমেও ১২০০ লোক নিহত হৈছে আৰু ৭ অক্টোবৰত গাজা সীমান্তৰ ওচৰত ইজৰাইলী সম্প্ৰদায়ৰ ওপৰত হামাছে চলোৱা আক্ৰমণত ২৪০ জন ইজৰাইলী আৰু বিদেশীক পণবন্দী কৰা হৈছিল ৷

উল্লেখ্য যে, শেহতীয়া গাজাৰ ৰাফা চহৰত ইজৰাইলীৰ আক্ৰমণত ২৭,০০০-তকৈও অধিক পেলেষ্টাইনী নিহত হৈছে । বহু লোকক গৃহহীন-আশ্ৰয়হীন কৰিছে তথা এক চতুৰ্থাংশ লোকক অনাহাৰ-দুৰ্ভিক্ষৰ ফালে ঠেলি দিছে ।

লগতে পঢ়ক : গাজাৰ ৰাফা চহৰত ইজৰাইলী আক্ৰমণত নিহত ১৩

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.