অসম

assam

জয়পুৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰশংসিত হ’ল অসম আৰক্ষীৰ ফেহুঁজালি

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 5:46 PM IST

Fehujali wins Best Short Film Award At JIFF 2024 : জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয় ডঃ পাৰ্থসাৰথি মহন্তৰ পৰিচালিত ‘ফেহুঁজালি’ ৷

Assamese documentary Fehujali praised at Jaipur International film Festival 2024
জয়পুৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰশংসিত হ’ল ফেহুঁজালি

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমীয়া তথ্যচিত্ৰ ‘ফেহুঁজালি’ । বিগত ৯ জানুৱাৰীৰ পৰা জয়পুৰত অনুষ্ঠিত হোৱা ‘জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত’ প্ৰদৰ্শিত হ’ল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং অৰ্থাৎ জি পি সিঙৰ প্ৰযোজিত তথ্যচিত্ৰ 'ফেহুঁজালি' ।

জয়পুৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰশংসিত হ’ল ফেহুঁজালি

৯ ফেব্ৰুৱাৰীত প্ৰদৰ্শিত হোৱা এই ছবিখনে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত ‘বেষ্ট শ্বৰ্ট ডকুমেন্টৰী’ বঁটা লাভ কৰিছে । ১৬ সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত এইবেলি ৮২খন দেশৰ ২,৯৭১ খন কথাছবিয়ে অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰে ভিতৰত ৬৭ খন দেশৰ ৩২৬ খন ছবিয়ে পৰবৰ্তী পর্যায়লৈ ‘নমিনেশ্যন’ লাভ কৰে । আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱখনত শেষত ১৯ খন দেশৰ ৭১ খন ছবিহে বাছনিত অন্তৰ্ভুক্ত হয় । এইসমূহ কথাছবিৰ ভিতৰত চুটি তথ্যচিত্ৰৰ শাখাত শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ বঁটা লাভ কৰে ‘ফেহুঁজালি’এ ।

৯ ফেব্ৰুৱাৰীত প্ৰদৰ্শিত এই ছবিখন উপভোগ কৰি পদ্মশ্ৰী ড৹ মায়া টেগুন প্ৰমুখ্যে কথাছবি সমালোচকসকলে প্ৰশংসা কৰে ফেহুঁজালিৰ ।

জয়পুৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰশংসিত হ’ল ফেহুঁজালি

উল্লেখ্য যে, বিদ্ৰোহী সংগঠন আলফাৰ বাস্তৱ কাহিনীক লৈ নিৰ্মিত তথ্যচিত্ৰখন পৰিচালনা কৰিছে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ)ৰ উপ-মহাপৰিদৰ্শক (ডিআইজি) পার্থ সাৰথি মহন্তই । প্ৰযোজনা আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ।

ফেহুঁজালিৰ কাহিনী কি ?

তথ্যচিত্ৰখনত ধনৰ প্ৰলোভনকে ধৰি বিভিন্ন কৌশলৰ জৰিয়তে উগ্ৰপন্থী সংগঠনত যোগদান কৰা উত্তৰ-পূব ৰাজ্যৰ যুৱক-যুৱতীসকলৰ দুৰ্দশাৰ ওপৰত গভীৰভাৱে গুৰুত্ব আৰোপ কৰা হৈছে । ক্ষোভিত আৰু বঞ্চিত যুৱকসকলৰ যে স্বাধীন অসমৰ ধাৰণা অলীক উপলব্ধি তাকেই কাহিনীৰ আধাৰ হিচাপে লৈ এই চুটি ছবিখন নিৰ্মাণ কৰা হৈছে ৷ লগতে বিদেশী শক্তিৰ হাতৰ পুতলালৈ ৰূপান্তৰ হোৱা এনে সন্ত্ৰাসবাদী সংগঠনৰ দেশপ্ৰেমৰ ভুৱা অভিনয়ৰ প্ৰতি ভোল নোযোৱাৰ বাবেও এক বার্তা এই ছবিখনৰ জৰিয়তে দিবলৈ প্ৰয়াস কৰা হৈছে ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে ফেহুঁজালিৰ এই সফলতা অসম আৰক্ষীৰ বাবে এক গৌৰৱৰ বিষয় হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক:ৰাঘৱৰ পিচত এইবাৰ আহি আছে যতীন বৰাৰ অগ্নিবাণ

ABOUT THE AUTHOR

...view details