অসম

assam

পুত্ৰই পলুৱাই আনিলে ছোৱালী; যুৱকৰ মাতৃক ৰাজপথত অৰ্ধনগ্ন কৰিলে যুৱতীৰ পৰিয়ালে - Sexual assault

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 11:23 AM IST

Tarn Taran woman assault: শিক্ষা-দীক্ষাৰে মানুহ বৰ্তমান সভ্যতাৰ শিখৰত আৰোহণ কৰিছে যদিও সমাজত সংঘটিত কেতবোৰ ঘটনাই মানুহৰ বিবেকক জোঁকাৰি যায় । এনে এটা ঘটনাত এগৰাকী ৫৫ বছৰীয়া মহিলাক তেওঁৰ পুত্ৰৰ কৰ্মৰ বাবে ৰাজহুৱা স্থানত অৰ্ধনগ্ন কৰি যৌন নিৰ্যাতন চলোৱাৰ লগতে ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিলে একাংশ লোকে । পঢ়ক সবিশেষ...

SEXUAL ASSAULT
Tarn Taran woman assault

নিউজ ডেস্ক, ৬ এপ্ৰিল: এজন যুৱকে ঘৰৰ ওচৰৰে এগৰাকী ছোৱালীক পলুৱাই আনি আইনী বিবাহৰ চেষ্টা চলোৰ বাবেই যৌন নিৰ্যাতনৰ বলি হ’বলগীয়া হ'ল যুৱকজনৰ মাতৃ । ভুক্তভোগী মহিলাগৰাকীৰ পুত্ৰই পলুৱাই অনা যুৱতীগৰাকীৰ পিতৃ-মাতৃৰ বিৰুদ্ধে উত্থাপিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত কৰাৰ অভিযোগ ।

অভিযুক্তসকলে প্ৰায় 55 বছৰীয়া মহিলাগৰাকীৰ গাৰ পৰা টানি-আঁজুৰি কাপোৰ আঁতৰাই অৰ্ধ উলংগ কৰে পথৰ মাজতেই । নিজৰ লাজ ঢাকিবলৈ আশ্ৰয় বিচাৰি মহিলাগৰাকী দৌৰি ফুৰাৰ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমতো ভাইৰেল কৰি দিয়া হৈছে ।

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ত দেখা গৈছে যে মহিলাগৰাকীয়ে কেমেৰাৰ পৰা আঁতৰি থাকিবলৈ এখন দোকানৰ ভিতৰত লুকাবলৈ চেষ্টা কৰিছে । এই লজ্জাজনক ঘটনা সংঘটিত কৰাৰ বাবে একেটা পৰিয়ালৰ তিনিজন সদস্যৰ লগতে দুজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে । ঘটনাটো সংঘটিত হৈছে পঞ্জাবৰ তৰ্ণ তৰণ জিলাৰ সীমান্তৱৰ্তী চহৰ ভালটোহাত ।

ভালটোহা চহৰত বাস কৰা এগৰাকী ৫৫ বছৰীয়া মহিলাই আৰক্ষীক দিয়া এজাহাৰত অভিযোগ কৰে যে তেওঁৰ পুত্ৰই তেওঁলোকৰ একেটা চুবুৰীত বাস কৰা এগৰাকী ছোৱালীৰ সৈতে আইনী বিবাহৰ ব্যৱস্থা কৰিছিল প্ৰায় এমাহ আগতে । এই ঘটনাত ক্ষোভিত হৈ ৩১ মাৰ্চৰ সন্ধিয়া ছোৱালীজনীৰ মাক আৰু ভায়েকৰ বাহিৰেও দুজন অচিনাকি ব্যক্তিয়ে তেওঁলোকৰ ঘৰৰ বাহিৰলৈ আহি চিঞৰ-বাখৰ কৰিবলৈ ধৰে ।

ইয়াৰ পিছত ঘৰৰ পৰা ওলাই আহোঁতে উক্ত ব্যক্তিসকলে মহিলাগৰাকীক প্ৰহাৰ কৰাৰ উপৰিও কাপোৰ ফালি অৰ্ধ উলংগ কৰি পেলায় । মহিলাগৰাকীয়ে দেহৰ ওপৰৰ অংশৰ লজ্জা ঢাকিবলৈ এখন উৰ্ণাৰ সহায় লৈছিল যদিও আক্ৰমণকাৰীয়ে সেইখনো আঁজুৰি লৈ যায় । উপায়ন্তৰ হৈ মহিলাগৰাকী এখন দোকানৰ ভিতৰত সোমায়গৈ । এই সমগ্ৰ ঘটনাৰ ভিডিঅ' ৰেকৰ্ড কৰি তেওঁলোকে সামাজিক মাধ্যমতো প্ৰচাৰ কৰে ।

মহিলাগৰাকীয়ে দৌৰি গৈ দোকানৰ ভিতৰত আশ্ৰয় লয় ৷ কিন্তু ভিডিঅ' নিৰ্মাতাসকলে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি সমাজত মহিলাগৰাকীক অধিক অপমানিত কৰি তুলিলে ।

বিষয়টোৰ তথ্য দি ভালটোহা থানাৰ এছ এইচ অ' সুনীতা বাৱাই কয় যে গোচৰৰ তদন্ত কৰি থকা এ এছ আই পৰমজিৎ সিঙে ভুক্তভোগী মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত কেচ নং. ২০ ত নাম উল্লেখ কৰা অভিযুক্ত আৰু দুজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । ০৩-০৪-২০২৪ তাৰিখে ৩৫৪, ৩৫৪বি, ৩৫৪ডি আৰু ১৪৯ আইপিচিৰ অধীনত গোচৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:সহায় কৰাৰ চলেৰে যাত্ৰীক লুটপাত: গুৱাহাটী আৰক্ষীৰ জালত পাঁচটাকৈ দুধৰ্ষ ডকাইত - Robber Gang Arrested in Guwahati

ABOUT THE AUTHOR

...view details