অসম

assam

1 জুলাইৰ পৰা কাৰ্যকৰী হ’ব নতুনকৈ প্ৰণয়ন কৰা তিনিখন অপৰাধমূলক আইন

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 4:45 PM IST

Newly Enacted Criminal Laws : দেশৰ অপৰাধ ন্যায় ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰাৰ বাবে 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব নতুনকৈ প্ৰণয়ন কৰা তিনিখন অপৰাধমূলক আইন ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা তিনিখন একেধৰণৰ অধিসূচনা অনুসৰি 1 জুলাইৰ পৰা নতুন আইনৰ বিধান বলবৎ হ’ব ৷

Newly Enacted Criminal Laws
1 জুলাইৰ পৰা কাৰ্যকৰী হ’ব তিনিখন অপৰাধমূলক আইন

নিউজ ডেস্ক, 24 ফেব্ৰুৱাৰী : শনিবাৰে চৰকাৰে এক অধিসূচনা যোগে প্ৰকাশ কৰিছে যে নতুনকৈ প্ৰণয়ন কৰা তিনিখন অপৰাধমূলক আইন 2024 চনৰ 1 জুলাইৰ পৰা কাৰ্যকৰী হ’ব ৷ তিনিখন আইন- ভাৰতীয় ন্যায় সংহিতা (BNS), যিয়ে ভাৰতীয় দণ্ডবিধি 1860ৰ ঠাই ল’ব; ভাৰতীয় সাক্ষ্য (বি এছ), যিয়ে ভাৰতীয় প্ৰমাণ আইন, 1872 ৰ ঠাই ল’ব আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বি এন এছ এছ), যিয়ে ফৌজদাৰী বিধি সংহিতা, 1898 ৰ ঠাই ল’ব ৷ 2023 চনৰ 25 ডিচেম্বৰত ভাৰত গেজেটত অধিসূচনা জাৰি কৰা হৈছিল ৷

এই তিনিখন আইনে 2023 বৰ্ষৰ 21 ডিচেম্বৰত সংসদৰ অনুমোদন লাভ কৰিছিল আৰু 25 ডিচেম্বৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সন্মতি দিছিল ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা তিনিখন একেধৰণৰ অধিসূচনা অনুসৰি 1 জুলাইৰ পৰা নতুন আইনৰ বিধান বলবৎ হ’ব ৷ এই তিনিখন নতুন আইনে ক্ৰমে ঔপনিৱেশিক যুগৰ ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্ৰক্ৰিয়া বিধি আৰু 1872 চনৰ ভাৰতীয় প্ৰমাণ আইনখনৰ ঠাই ল’ব ৷

তিনিওখন আইনৰ লক্ষ্য হৈছে বিভিন্ন অপৰাধ আৰু ইয়াৰ শাস্তিৰ সংজ্ঞা দি দেশৰ অপৰাধ ন্যায় ব্যৱস্থাক সম্পূৰ্ণৰূপে আমূল পৰিৱৰ্তন কৰা ৷ ডিচেম্বৰ মাহত সংসদত বিধেয়কসমূহ গৃহীত হোৱাৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে নতুন আইনসমূহে মানৱকেন্দ্ৰীক দৃষ্টিভংগীৰে অপৰাধমূলক ন্যায় ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন আনিব আৰু শাস্তি প্ৰদানৰ পৰিৱৰ্তে ন্যায় প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিব ৷

ইয়াৰ পিচত তেওঁ কয় যে অৱশেষত অনুমোদন জনোৱা তিনিখন বিধেয়ক বিস্তৃত আলোচনাৰ অন্তত খচৰা প্ৰস্তুত কৰা হৈছে আৰু উত্থাপনৰ পূৰ্বে তেওঁ খচৰা আইনসমূহৰ প্ৰতিটো কমা-দাড়ি পৰ্যালোচনা কৰি সংসদৰ সন্মুখত অনুমোদনৰ বাবে আনিছিল ৷

লগতে পঢ়ক :মুছলমান বিবাহ আৰু বিচ্ছেদ আইন প্ৰত্যাহাৰ কৰি ইউচিচিৰ দিশে এখোজ অসম চৰকাৰৰ

ABOUT THE AUTHOR

...view details