অসম

assam

ইৰাণলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল : কিয় গুৰুত্বপূৰ্ণ চাবাহাৰ বন্দৰ পৰিচালনা চুক্তি ? - Chabahar port pact

By ETV Bharat Assamese Team

Published : May 13, 2024, 10:23 PM IST

SHIPPING MINISTER SONOWAL : আগন্তুক ১০ বছৰৰ বাবে চাবাহাৰ বন্দৰৰ পৰিচালনাৰ তদাৰক কৰিবলৈ তেহৰাণৰ সৈতে ভাৰতে চুক্তি স্বাক্ষৰ কৰিব। পাকিস্তানৰ ওপৰত নিৰ্ভৰ নকৰাকৈ আফগানিস্তান আৰু মধ্য এছিয়াত ভাৰতৰ প্ৰৱেশৰ সুবিধা কৰি আন্তৰ্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰৰ সৈতে চাবাহাৰক একত্ৰিত কৰাৰ পৰিকল্পনা চলি আছে।

CHABAHAR PORT MANAGEMENT
তেহৰাণৰ সৈতে চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে নতুন দিল্লী (ETV BHARAT ENGLISH DESK)

নিউজ ডেস্ক, 13 মে’ : নতুন দিল্লীয়ে আগন্তক 10 বছৰৰ বাবে চাবাহাৰ বন্দৰৰ পৰিচালনাৰ তদাৰকীৰ বাবে 13 মে’ত তেহৰাণৰ সৈতে চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে ৷ এই চুক্তিত স্বাক্ষৰ কৰিবলৈ সোমবাৰে পুৱা ইৰাণলৈ ৰাওনা হৈছে কেন্দ্ৰীয় জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ইয়ে ভাৰতে বিদেশৰ এটা বন্দৰৰ কাৰ্যকৰী নিয়ন্ত্ৰণ গ্ৰহণ কৰাৰ প্ৰথম উদাহৰণ চিহ্নিত কৰে ৷

আফগানিস্তান, মধ্য এছিয়া আৰু বৃহৎ ইউৰেছিয়ান বিস্তাৰৰ সৈতে ভাৰতৰ গুৰুত্বপূৰ্ণ সংযোগ হিচাপে স্বীকৃতিপ্ৰাপ্ত চাবাহাৰ বন্দৰে পাকিস্তানৰ গোৱাদৰ বন্দৰ আৰু চীনৰ অভিলাষী বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ প্ৰতি ভাৰসাম্য হিচাপে কাম কৰাৰ সম্ভাৱনা আছে ৷ আন্তৰ্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ (আই এন এছ টি চি)ৰ সৈতে চাবাহাৰক একত্ৰিত কৰাৰ পৰিকল্পনা চলি আছে, যাৰ ফলত পাকিস্তানৰ ওপৰত নিৰ্ভৰ নকৰাকৈ ভাৰতে আফগানিস্তান আৰু মধ্য এছিয়াত প্ৰৱেশৰ সুবিধা লাভ কৰিব ৷

ইৰাণৰ চাবাহাৰ বন্দৰ পাকিস্তানক উপেক্ষা কৰি আফগানিস্তান আৰু মধ্য এছিয়াৰ সৈতে ভাৰতৰ সংযোগৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ এই চুক্তিয়ে ভাৰত আৰু ইৰাণৰ মাজত বাণিজ্য আৰু কৌশলগত সম্পৰ্ক বৃদ্ধিৰ বাবে দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতিৰ ইংগিত দিয়ে ৷ মন কৰিবলগীয়া যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এপ্ৰিল মাহত ইণ্ডিয়া প’ৰ্টছ গ্ল’বেলৰ দ্বাৰা বংগোপসাগৰৰ ম্যানমাৰৰ চিট্টৱে বন্দৰৰ কাম-কাজৰ দায়িত্ব লোৱাৰ প্ৰস্তাৱক সেউজ সংকেত দিছিল ৷ ভাৰতত লোকসভা নিৰ্বাচন চলি থকাৰ অতি উল্লেখযোগ্য সময়ত সোণোৱালে ইৰাণ ভ্ৰমণ কৰিছে ৷ পশ্চিম এছিয়াৰ সংকটে জটিল বাণিজ্যিক পথসমূহত প্ৰভাৱ পেলোৱাৰ বাবে এই ভ্ৰমণৰ সময়ে তাৎপৰ্য বহন কৰিছে ৷

ভাৰতৰ বাবে চাবাহাৰ কিয় গুৰুত্বপূৰ্ণ?

আফগানিস্তান আৰু মধ্য এছিয়ালৈ যোৱাৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত চাবাহাৰ বন্দৰ ভাৰতৰ বাবে কৌশলগত গুৰুত্ব আছে ৷ চাবাহাৰে ভাৰতক আফগানিস্তান আৰু মধ্য এছিয়াৰ দেশসমূহলৈ এক গুৰুত্বপূৰ্ণ ট্ৰেনজিট পথ প্ৰদান কৰে যাৰ ফলত ভাৰতে পাকিস্তানক বাইপাছ কৰিব পাৰে ৷ ইয়াৰ ফলত অঞ্চলটোত বাণিজ্য আৰু সংযোগৰ বাবে পাকিস্তানৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পায় ৷

বাণিজ্যিক পথৰ বৈচিত্ৰ্যতা:

চাবাহাৰ ব্যৱহাৰ কৰি ভাৰতে নিজৰ বাণিজ্যিক পথৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত ভূ-ৰাজনৈতিক উত্তেজনা বা ব্যাঘাতৰ সন্মুখীন হ’ব পৰা পৰম্পৰাগত পথৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব পাৰে ৷

কৌশলগত প্ৰতিভাৰসাম্য:

বিশেষকৈ চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চি পি ইচি)ৰ অংশস্বৰূপ পাকিস্তানৰ গোৱাদাৰ বন্দৰত বিনিয়োগৰ জৰিয়তে চাবাহাৰে এই অঞ্চলত চীনৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ কৌশলগত প্ৰতিভাৰসাম্য হিচাপে কাম কৰে ৷

আঞ্চলিক স্থিতিশীলতা :

চাবাহাৰৰ জৰিয়তে বৰ্ধিত সংযোগে আফগানিস্তান, ইৰাণ আৰু ভাৰতৰ মাজত অৰ্থনৈতিক উন্নয়ন আৰু সহযোগিতাৰ প্ৰসাৰ ঘটাই আঞ্চলিক স্থিতিশীলতাত অৰিহণা যোগাব পাৰে ৷ বৃহৎ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ অৰ্থনৈতিক আৰু কৌশলগত উপস্থিতি শক্তিশালী কৰাৰ প্ৰচেষ্টাত চাবাহাৰ বন্দৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

লগতে পঢ়ক :চাবাহাৰ বন্দৰ লীজত ল’ব ভাৰতে : ইৰাণলৈ ৰাওনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - Chabahar Port

লগতে পঢ়ক :দেশৰ অন্যতম ধনী ৰাজনীতিবিদৰ তালিকাত ড৹ পেম্মাছানি চন্দ্ৰশেখৰ - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details