ETV Bharat / state

চাবাহাৰ বন্দৰ লীজত ল’ব ভাৰতে : ইৰাণলৈ ৰাওনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - Chabahar port

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 5:30 PM IST

Union minister Sarbananda Sonowal : অতি গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচী লৈ ইৰাণলৈ উৰা মাৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইৰাণৰ চাবাহাৰ বন্দৰ দীৰ্ঘম্যাদী লীজত লৈ ভাৰতে গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা ৷

Sarbananda Sonowal to Iran
ইৰাণলৈ ৰাওনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Etv Bharat Assam)

গুৱাহাটী, 13 মে’: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে পুৱা ভাৰতীয় বিমান বাহিনীৰ এখন বিশেষ বিমানযোগে ইৰাণলৈ ৰাওনা হয় ৷ ইৰাণৰ চাবাহাৰ বন্দৰ দীৰ্ঘম্যাদী লীজত লোৱাটো সুনিশ্চিত কৰি ভাৰতে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে ৷ এই ঐতিহাসিক অনুষ্ঠানত দেশৰ হৈ অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

এয়া ভাৰতৰ বাবে এক কৌশলগত মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি ধাৰণা কৰা হৈছে ৷ কিয়নো ই পাকিস্তানৰ কৰাচীৰ লগতে গ'ৱাদৰ বন্দৰক উপেক্ষা কৰি দক্ষিণ এছিয়া আৰু মধ্য এছিয়াৰ মাজত ইৰাণৰ হৈ ভাৰতৰ বাবে এক নতুন বাণিজ্যিক পথ মুকলি কৰিব ৷ এই পদক্ষেপে ব্যৱসায়ৰ বাবে সংবেদনশীল আৰু ব্যস্ত পাৰস্য উপসাগৰ আৰু হৰমুজ প্ৰণালীৰ পৰা এক বৈকল্পিক পৰিবহণ পথ অন্বেষণ কৰাৰ বাবেও অৰ্থনৈতিক সুযোগৰ নতুন দিশ মুকলি কৰিব ৷

উল্লেখযোগ্য যে, ইতিমধ্যে ম্যানমাৰত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিশেষকৈ গুৰুত্বপূৰ্ণ চিটৱে বন্দৰ মুকলি কৰাৰ পাছত এইবাৰ চাবাহাৰ বন্দৰ অভিযানৰ এই চুক্তিয়ে ভাৰতৰ বৰ্ধিত সামুদ্ৰিক প্ৰসাৰৰ আন এক গুৰুত্বপূৰ্ণ সাফল্যক নিৰূপণ কৰিব ৷ দুয়োটা বন্দৰ প্ৰকল্পৰ উদ্দেশ্য হৈছে- সমগ্ৰ অঞ্চলটোত বৰ্ধিত চীনা উপস্থিতি নিষ্ক্ৰিয় কৰা ৷ উল্লেখযোগ্য যে - সৰ্বানন্দ সোণোৱালে প্ৰায় এবছৰৰ আগতেই অৰ্থাৎ ২০২৩ চনৰ মে' মাহত ম্যানমাৰৰ চিটৱে বন্দৰটো উদ্বোধন কৰিছিল ৷

চিটৱে বন্দৰৰ কাৰ্যকৰীকৰণ হৈছে উত্তৰ-পূব ভাৰতক আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথসমূহৰ সৈতে সংযোগ কৰাৰ দিশত এক যুগান্তকাৰী প্ৰচেষ্টা । চিটৱে বন্দৰৰ সম্পূৰ্ণ কাৰ্যকৰীকৰণে কলকাতা আৰু আগৰতলা আৰু আইজলৰ মাজত ভ্ৰমণৰ সময় ৫০ শতাংশ হ্রাস কৰিব ।

লগতে পঢ়ক: First Indian Cargo Ship At The Sittwe Port: চিটৱে বন্দৰৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ গুৰুত্ব যথেষ্ট বৃদ্ধি হ'ব: সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.