অসম

assam

প্ৰথমবাৰৰ বাবে কাৰাগাৰৰ পৰা চলিব দিল্লী চৰকাৰ - ED Arrested CM Kejriwal

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 6:56 AM IST

CM Kejriwal arrested in liquor scam : দিল্লী সুৰা নীতি কেলেংকাৰীত বৃহস্পতিবাৰে নিশা ইডিয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে । আপ সূত্ৰ মতে, কেজৰিৱালক গ্ৰেপ্তাৰ কৰিলেও তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে । তাৰ অৰ্থ হৈছে দিল্লী চৰকাৰ কাৰাগাৰৰ পৰা চলিব । ৰাজধানীৰ ইতিহাসত এইটো প্ৰথমবাৰৰ বাবে হ'ব ।

কাৰাগাৰৰ পৰা চলিব দিল্লী চৰকাৰ
কাৰাগাৰৰ পৰা চলিব দিল্লী চৰকাৰ

নিউজ ডেস্ক, ২২ মাৰ্চ :দিল্লী সুৰা নীতি কেলেংকাৰীত প্ৰায় দুঘণ্টা সোধপোছৰ পিচত বৃহস্পতিবাৰে নিশা ইডিয়ে গ্ৰেপ্তাৰ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক । সংবাদ সংস্থা ANI ৰ মতে, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ইডিৰ এটা ১২ জনীয়া দল কেজৰিৱালৰ চৰকাৰী বাসভৱনত উপস্থিত হয় ।

তাৰ পিচত তালাচী অভিযান চলাই দলটোৱে নিশা ৯ বজাত তেওঁক সোধপোছ কৰাৰ লগতে গ্ৰেপ্তাৰো কৰে । দিল্লীৰ মন্ত্ৰী আতিশী আৰু সৌৰভ ভৰদ্বাজে এই কথা নিশ্চিত কৰিছে । ইয়াৰ পূৰ্বে বিয়লি প্ৰায় 4 বজাত দিল্লী উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ পৰা সকাহ প্ৰদান কৰা নাছিল ।

প্ৰাপ্ত তথ্য অনুসৰি, স্বাস্থ্য পৰীক্ষাৰ পিচত তেওঁক ইডিৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হ'ব । তেওঁক তাত সোধপোছ কৰা হ'ব আৰু শুকুৰবাৰে আদালতত হাজিৰ কৰা হ'ব । উল্লেখ্য যে, সুৰা নীতি কেলেংকাৰীৰ তদন্ত কৰি থকা কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই) আৰু ইডিয়ে প্ৰায় ডেৰ বছৰ ধৰি গোচৰটোত নাম থকা লোকসকলক সোধপোছ কৰি আহিছে ।

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ চিছোডিয়াক গোচৰটোৰ সন্দৰ্ভত যোৱা বছৰ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হয় । তাৰ পিচত অক্টোবৰত আপৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰা হয় । আনহাতে, বিগত বৰ্ষৰ নৱেম্বৰৰ পৰা ইডিয়ে এই গোচৰটোত সোধপোছৰ বাবে অৰবিন্দ কেজৰিৱালক নিৰন্তৰ চমন জাৰি কৰি আহিছিল ।

৯ বাৰ চমন জাৰি কৰিছিল যদিও তেওঁ সেয়া উপেক্ষা কৰি আদালতলৈ গৈছিল । বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰটোৰ শুনানি হয় । তাত আদালতে ইডিৰ সপক্ষে নিৰ্দেশনা দিয়ে আৰু গোচৰটোৰ পৰৱৰ্তী শুনানি 22 এপ্ৰিলত ধাৰ্য কৰা হয় ।

ইফালে আপ নেত্ৰী আতিশীয়ে কয়, "আমি খবৰ পাইছো যে ইডিয়ে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছে । আমি সদায় কৈ আহিছো যে কেজৰিৱালে কাৰাগাৰৰ পৰা চৰকাৰ চলাব । তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী হৈয়ে থাকিব । আমি উচ্চতম ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছো । আমাৰ উকীলসকলে উচ্চতম ন্যায়ালয়ত উপনীত হৈছে । আমি আজি নিশা উচ্চতম ন্যায়ালয়ৰ পৰা জৰুৰী শুনানিৰ দাবী কৰিম ।"

আনহাতে, কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পিচত চৰকাৰ কেনেকৈ চলিব সোধা প্ৰশ্নটোৰ সন্দৰ্ভত সৌৰভ ভৰদ্বাজে কয় যে দিল্লী চৰকাৰ কাৰাগাৰৰ পৰাই চলিব । ইয়াৰ পূৰ্বে তালাচী অভিযানৰ বিষয়ে তথ্য লাভ কৰি দিল্লী বিধানসভাৰ অধ্যক্ষ ৰাম নিৱাস গোৱেলে কেজৰিৱালৰ বাসগৃহত উপস্থিত হয় ।

তেওঁ কয়, "অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ'লেও তেওঁ পদত্যাগ নকৰে । সকলোৱে জানে যে মণীষ চিছোডিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল, কিন্তু একো পোৱা নগ'ল । এতিয়ালৈকে ৬ শতাধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে অৰবিন্দ কেজৰিৱালৰ কণ্ঠ ৰোধ কৰিব বিচাৰে আৰু সেয়েহে তেওঁক গ্ৰেপ্তাৰ কৰিব বিচাৰে ।"

আনহাতে, ইডিৰ তালাচী অভিযানৰ বাতৰি পোৱাৰ পিচতে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত বৃহৎ সংখ্যক আম আদমি পাৰ্টীৰ কৰ্মী আৰু সমৰ্থক সমবেত হয় । তেওঁলোকে ভাৰতীয় জনতা পাৰ্টী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে শ্ল’গান দিয়ে । অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । আৰক্ষীয়ে চাৰিওফালৰ ৰাস্তাবোৰ বেৰিকেড কৰি বাহনসমূহ নিয়ন্ত্ৰণ কৰিছে ।

উল্লেখ্য যে, দিল্লী আবকাৰী নীতি কেলংকাৰীত এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱাসকল হৈছে বিজয় নায়াৰ, অভিষেক বইনপল্লী, সমীৰ মহেন্দ্ৰু, পি শৰৎ চন্দ্ৰ, বিনয় বাবু, অমিত অৰোৰা, গৌতম মলহোত্ৰা, ৰাঘৱ মংগুটা, ৰাজেশ যোশী, অমন ধল, অৰুণ পিল্লাই, মণীষ চিছোডিয়া, দীনেশ অৰোৰা, সঞ্জয় সিং আৰু কে কবিতা ।

লগতে পঢ়ক :অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ: উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে আপ - Arvind Kejriwal Arrested

ABOUT THE AUTHOR

...view details