অসম

assam

কোভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ বাবে নাগৰিকক দিব লাগিব ক্ষতি পূৰণ; উচ্চতম ন্যায়ালয়ত দাখিল আবেদন - Covishield Side Effects

By ETV Bharat Assamese Team

Published : May 1, 2024, 4:05 PM IST

Covishield controversy: Covishield ভেকচিনৰ ওপৰত অধ্যয়ন আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া, বিপদজনক কাৰকসমূহ পৰীক্ষা কৰিবলৈ দিল্লীৰ এইমছৰ পৰা চিকিৎসা বিশেষজ্ঞৰ পেনেল গঠনৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে ।

VACCINE DAMAGE
Covishield controversy

নিউজ ডেস্ক, ১ মে':দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ সঞ্চালকৰ নেতৃত্বত আৰু উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত Covishield ভেকচিনৰ পাৰ্শ্বক্ৰিয়া আৰু ইয়াৰ বিপদজনক কাৰকসমূহ পৰীক্ষা কৰিবলৈ চিকিৎসা বিশেষজ্ঞৰ বিশেষ পেনেল গঠন কৰিবলৈ নিৰ্দেশ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে ।

অধিবক্তা বিশাল তিৱাৰীৰ এই আবেদনত শেহতীয়াকৈ প্ৰকাশ পাইছে যে Covishield ভেকচিনে বিৰল ক্ষেত্ৰত পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ প্ৰভাৱ পেলাব পাৰে । ইয়াৰ উদ্ভাৱক AstraZeneca এ কয় যে, Covishield হিচাপে ভাৰতত অনুজ্ঞাপত্ৰৰ অধীনত নিৰ্মাণ কৰা Covid-19 ৰ প্ৰতিষেধক AZD1222 ভেকচিনে প্লেটলেটৰ সংখ্যা কম কৰিব পাৰে আৰু “অতি বিৰল” ক্ষেত্ৰত তেজ গোট মাৰিব পাৰে ।

“AstraZeneca ই ভেকচিন আৰু থ্ৰম্ব’ছিছৰ মাজত থ্ৰম্ব’চাইট’পেনিয়া চিণ্ড্ৰম (টিটিএছ)ৰ সৈতে এটা সম্পৰ্ক গ্ৰহণ কৰিছে, যিটোৰ চিকিৎসাজনিত অৱস্থাৰ বৈশিষ্ট্য হৈছে প্লেটলেটৰ মাত্ৰা অস্বাভাৱিকভাৱে কম হোৱা আৰু তেজৰ গোট মৰা ।

Covishield নিৰ্মাণৰ বাবে AstraZeneca ৰ ভেকচিন ফৰ্মূলাটো Covishield নিৰ্মাণৰ বাবে পুণেস্থিত ভেকচিন নিৰ্মাতা কোম্পানী ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (SII) ক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছিল । ভাৰতত ১৭৫ কোটিতকৈ অধিক ড’জ Covishield প্ৰদান কৰা হৈছে”, এই আবেদনত কোৱা হৈছে ।

আবেদনখনত কোৱা হৈছে যে, Covid 19 ৰ পিছত হাৰ্ট এটেক আৰু হঠাৎ মানুহৰ ঢলি পৰাৰ ফলত হোৱা মৃত্যুৰ হাৰ বৃদ্ধি পাইছে । আনকি যুৱক-যুৱতীৰ ক্ষেত্ৰতো হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পাইছে ।

"ভাৰতীয় নাগৰিকৰ সুৰক্ষা আৰু স্বাস্থ্যৰ স্বাৰ্থত চৰকাৰে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰাটো বাধ্যতামূলক । বিষয়টো কেন্দ্ৰীয় চৰকাৰে অগ্ৰাধিকাৰ দি চাব লাগিব যাতে ভৱিষ্যতে ভাৰতৰ নাগৰিকৰ স্বাস্থ্য আৰু জীৱনৰ সন্দৰ্ভত কোনো বিপদৰ সৃষ্টি হ’ব নোৱাৰে", এই আবেদনত কোৱা হৈছে ।

এই আবেদনত উচ্চতম ন্যায়ালয়ক আহ্বান জনোৱা হৈছে যে, Covid 19 ৰ সময়ত টীকাকৰণ অভিযানৰ ফলত গুৰুতৰভাৱে অক্ষম হৈ পৰা নাগৰিকসকলৰ বাবে ভেকচিন ক্ষতিপূৰণৰ ব্যৱস্থা স্থাপনৰ বাবে কেন্দ্ৰক নিৰ্দেশ জাৰি কৰক ।

এই আবেদনত ভাৰতীয় সংঘৰ ওচৰত Covid 19 ৰ সময়ত কোৰোনা ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবে গুৰুতৰভাৱে অক্ষম বা মৃত্যু হোৱা লোকসকলক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ বিচৰা হৈছে ।

লগতে পঢ়ক:পতঞ্জলি ফুডছলৈ জিএছটি ইণ্টেলিজেঞ্চ বিভাগৰ জাননী - Patanjali Foods Show Cause Notice

ABOUT THE AUTHOR

...view details