নিউজ ডেস্ক, ২ মে' : দিল্লী মহিলা আয়োগত তীব্ৰ জোকাৰণি । এক উল্লেখযোগ্য ঘটনাক্ৰমত দিল্লী মহিলা আয়োগে কেইবাগৰাকীও কৰ্মচাৰীক চকৰিৰ পৰা অপসাৰণ কৰিছে । এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ অংশ হিচাপে দিল্লী মহিলা আয়োগে ইয়াৰ ২২৩ গৰাকী কৰ্মচাৰীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিজৰ কৰ্মৰ পৰা আঁতৰাই দিছে । অৱশ্যে এই ডাঙৰ পদক্ষেপ গ্ৰহণৰ আঁৰৰ কাৰণো দিয়া হৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি, লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাৰ নিৰ্দেশতে এই পদক্ষেপ লোৱা হৈছে । তেওঁৰ প্ৰত্যক্ষ হস্তক্ষেপতে দিল্লী মহিলা আয়োগৰ ২২৩ গৰাকী কৰ্মচাৰীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিজৰ পদবীৰ পৰা অপসাৰণ কৰা হৈছে । এই ক্ষেত্ৰত অভিযোগ উত্থাপিত হৈছে যে দিল্লী মহিলা আয়োগৰ তদানীন্তন অধ্যক্ষ স্বাতী মালিৱালে নিয়ম বিৰুদ্ধভাৱে আৰু নিৰ্দিষ্ট অনুমতি অবিহনে তেওঁলোকক নিযুক্তি দিছিল । যাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিবলগা হয় ।
স্বাতী মালিৱাল কোন ? কিয় তেওঁক অভিযুক্ত কৰা হৈছে ?