বঙাইগাঁৱত সাধুবাবাৰ ৰূপত সোপাধৰা : ৰাইজৰ হাতত আটক দুজন

By

Published : May 13, 2022, 9:29 PM IST

thumbnail

বঙাইগাঁৱত ওলাইছে সাধুবাবাৰ ৰূপত সোপাধৰা । বঙাইগাঁৱৰ অভয়াপুৰী আৰক্ষীৰ চকীৰ অন্তৰ্গত ডুমেৰগুড়ি আৰু টোপ গাঁৱৰ ৰাইজে আটক কৰিলে দুজনকৈ ছদ্মৱেশী সোপাধৰাক ৷ ঘটনা অনুসৰি, সোপাধৰা দুজনে ডুমেৰগুড়ি গাৱঁৰ পৰা কনমানি ল’ৰা এজনক অপহৰণ কৰাৰ চেষ্টা কৰে ৷ শিশুটিক ঘৰৰ সন্মুখৰ পৰা ডুমেৰগুড়িৰ মজিবৰ নামৰ এজন লোকে সাধুবাবা ৰূপত থকা সোপাধৰা পাঠশালাৰ নবাব নামৰ লোকজনৰ ওচৰলৈ যোৱাৰ পিছতে ৰাইজে আটক কৰে দুয়োজনক (Two kidnappers arrested in Bangaigaon) ৷ তাৰ পিছতে অভয়াপুৰী মহকুমা আৰক্ষী বিষয়া নিতুমনি দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ সোপাধৰা দুজনক আটক কৰি লৈ যায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.