Heroin Seized: ডকমকাত সন্দেহযুক্ত হেৰ'ইনসহ দুই সৰবৰাহকাৰীক আটক

By

Published : Jul 14, 2022, 7:07 PM IST

thumbnail

কাৰ্বি আংলং জিলাৰ ডকমকাত বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয় সন্দেহযুক্ত হেৰ'ইন(Heroin seized at Karbi Anglong)৷ হেৰ'ইনসহ আৰক্ষীয়ে আটক কৰে দুই সৰবৰাহকাৰীক ৷ গোপন তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলমণি মালাকাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডকমকা থানা সন্মুখত তালাচী অভিযান চলায়(Two peddler arrested with heroin) ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন ক'লা ৰঙৰ ছুজুকী মটৰ চাইকেলত তালাচী চলাই 10 টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১২২'২২ গ্ৰাম হে'ৰইন আৰু নগদ ৪৯৮০ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে বিহাৰৰ বৈশালী জিলাৰ মুকেশ কুমাৰ আৰু মৰিগাওঁ জিলাৰ ভূৰাগাঁৱৰ জমিলা খাতুন নামৰ দুই সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে ৷ ইফালে, সন্দেহযুক্ত হে'ৰইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৭০ ৰ পৰা ৮০ লাখ টকা বুলি জিলাখনৰ উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই জানিবলৈ দিছে(Heroin Worth Of Rs 80 lakhs Seized) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.