প্ৰথমবাৰৰ বাবে চাৰিজন পৰ্যটকক লৈ মহাকাশত SpaceXৰ ৰকেট

By

Published : Sep 16, 2021, 8:09 AM IST

thumbnail

মানৱ মহাকাশ যাত্ৰাৰ 60 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো পেছাদাৰী মহাকাশচাৰী অবিহনে মাত্ৰ চাৰিজন পৰ্যটকক লৈ কক্ষপথত SpaceXৰ ৰকেট ৷ মাত্ৰ চাৰিজন পৰ্যটকক লৈ মহাকাশলৈ উৰা মাৰিলে SpaceXৰ ৰকেট ৷ SpaceXৰ Inspiration4 শীৰ্ষক এই অভিযান তিনিদিন ধৰি চলিব য'ত চাৰিজন যাত্ৰীয়ে পৃথিৱীৰ চাৰিওফালে প্ৰায় ৫৪০ কিলোমিটাৰ উচ্চতাৰ নিম্ন কক্ষপথত ঘূৰিব ৷ এটা সম্পূৰ্ণ স্বয়ংক্ৰিয় ড্ৰেগন কেপচুল(fully automated Dragon capsule)ত তিনিদিন ধৰি মহাকাশত তেওঁলোকৰ যাত্ৰা অব্যাহত থাকিব ৷ এয়া হৈছে SpaceXৰ প্ৰথম ব্যক্তিগত বাহন আৰু এই সমগ্ৰ প্ৰক্ৰিয়াৰ সৈতে NASA জড়িত নহয় ৷ এই ড্ৰেগন কেপচুলত কোনো টোপনিৰ কম্পাৰ্টমেণ্ট নাই ৷ liftoffৰ পাচত যাত্ৰীকেইজনে খাদ্য হিচাপে ঠাণ্ডা পিজ্জা খাব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.