মহানগৰীত পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী

By

Published : Sep 19, 2022, 11:05 AM IST

thumbnail

মহানগৰীৰ ২ নং মঠঘৰীয়া গেট হাস্পতালৰ সমীপত দেওবাৰে নিশা সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনা (Road accident at Mathgharia) ৷ এই পথ দুৰ্ঘটনাত নিহত হয় এজন মটৰ চাইকেল আৰোহী ৷ নিহত লোকজন নুনমাটিৰ প্ৰদীপ ৰয় বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে উল্লেখ কৰা মতে, দেওবাৰে নিশা গীতানগৰৰ পৰা নাৰেংগী অভিমুখে আহি আছিল এখন বলেন’ বাহন ৷ এই বাহনখনে বিপৰীত দিশৰ পৰা অহা ASO1 EA 6365 নম্বৰ পালচাৰ বাইক এখনক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে । এই দুৰ্ঘটনাৰ ফলতে নিহত হয় প্ৰদীপ ৰয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ ইফালে সুযোগ বুলি উক্ত স্থানৰ পৰা পলায়ন কৰে বলেন’ বাহনখনৰ চালক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.