‘জীৱন বৰ অনুপম’ শীৰ্ষক কাৰ্যসূচী মাজুলী জিলা পৰিবহন বিভাগৰ

By

Published : Apr 16, 2022, 1:59 PM IST

thumbnail

‘‘জীৱন বৰ অনুপম’’- এই বাৰ্তা লৈ মাজুলী জিলা পৰিবহন বিভাগে অসমীয়া নৱবৰ্ষ(Assamese New Year 2022)ৰ দিনটোত হাতত লৈছে এক ব্যতিক্ৰমী কাৰ্যসূচী (Program titled Jibon Bor Anupom by Majuli District Transport Department) ৷ উৎসৱ বতৰত যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয়, তাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে মাজুলী জিলা পৰিবহন আৰু আৰক্ষীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ মাজুলী জিলা পৰিবহন বিভাগে শুকুৰবাৰে পহিলা ব’হাগৰ দিনটোত যিসকলে বাইক আৰু চাৰিচকীয়া বাহন চালক তথা আৰোহীয়ে সম্পূৰ্ণ যান-বাহনৰ নীতি-নিৰ্দেশনা পালন কৰি বাইক বা চাৰিচকীয়া বাহন চলাইছে, সেইসকল লোকক একোটাকৈ উপহাৰ দিয়ে ৷ লগতে মাজুলীৰ গড়মূৰ জিলা পৰিবহন আৰু আৰক্ষী বিষয়াসকলে নীতি-নিৰ্দেশনা মানি চলা আৰোহীক একোখনকৈ ফুলাম গামোচা উপহাৰ দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.