দিখৌমুখত হাতীৰ গচকত মৃত্যু এজনৰ

By

Published : May 28, 2022, 2:14 PM IST

thumbnail

শিৱসাগৰৰ দিখৌমুখত শোকাবহ ঘটনা(Tragic incident at Dikhoumukh in Sivasagar) । বনৰীয়া হাতীৰ গচকত প্ৰাণ গ'ল এজনৰ(One person killed in wild elephant attack) । ব্ৰহ্মপুত্ৰৰ বগৰীঅনী চাপৰিত সংঘটিত হৈছে এই ঘটনা । মৃত লোকজন দিখৌমুখ দেওঘৰীয়াৰ সঞ্জীৱ কলিতাবুলি জানিব পৰা গৈছে । বগৰীঅনী চাপৰিত টঙীঘৰ সাজি অস্থায়ীকৈ বসবাস কৰি আছিল লোকজনে । চাপৰিত নেমুটেঙাৰ বাৰী আৰু গৰু খুটি আছিল ব্যক্তিজনৰ । যোৱা ২০ বছৰ ধৰি টঙীঘৰ সাজি গছৰ ওপৰত বসতি কৰি আহিছিল । কিন্তু বুধবাৰে গৰু আনিবলৈ চাপৰিলৈ যাওতে হাতীৰ জাকৰ সৈতে মুখামুখি হয় লোকজন । চাপৰিৰ অন্য গুৱালে পাছদিনা পৰিয়ালৰ লোকক ঘটনা সন্দৰ্ভত অৱগত কৰে । পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও আন্ধাৰ নামি অহাত শুকুৰবাৰে পুৱা আৰক্ষীক খৱৰ দি ঘটনাস্থলীলৈ ৰাওনা হয় । ঘটনাস্থলীত গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.