Erosion in majuli: লুইতৰ খহনীয়াই বিপদ মাতিছে মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰ

By

Published : Jul 17, 2022, 9:51 AM IST

thumbnail

মাজুলীৰ ভকত চাপৰি গৰুখুটিত খহনীয়াৰ ভয়াৱহ তাণ্ডৱ (Erosion in majuli)। প্ৰায় প্ৰতিবছৰে বান আৰু গৰাখহনীয়াই বিধ্বস্ত কৰা গৰুখুটি অঞ্চলত আজিও চলি আছে ভয়ংকৰ খহনীয়া । ব্ৰহ্মপুত্ৰ ব’ৰ্ডে বাৰিষাৰ সময়ত কেইটামান জি’অ বেগ দি আভুৱা ভাৰি লুণ্ঠন চলোৱাৰ অভিযোগ ভকত চাপৰিৰ এই বৃহত্তৰ অঞ্চলত । বিগত বানৰ পিছতে অঞ্চলটোত স্থাপন কৰা বৃহৎ পৰিমাণৰ জি’অ বেগ ৰাতিটোৰ ভিতৰতে উটুৱাই নিয়াত হাহাকাৰ লাগিছে অঞ্চলবাসীৰ মাজত (Erosion of Brahmaputra river) । দৈনিক বিশাল কৃষি ভূমি জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত । কিন্তু নিৰ্বিকাৰ সংশ্লিষ্ট বিভাগ , জিলা প্ৰশাসন । এনেদৰে খহনীয়া অব্যাহত থাকিলে মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰকে আদি কৰি নামনি মাজুলীৰ এক বিশাল ভূমি খণ্ডৰ বাবে অশনি সংকেত আহিব পাৰে । সেয়াহে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sharma), কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ (Union Minister Sarbananda Sonowal) অতি সোনকালেই খহনীয়া ৰোধৰ ব্যৱস্থা কৰিবলৈ আহ্বান ৰাইজৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.