চলন্ত ট্ৰেইনৰ পৰা পিচলি পৰা মহিলাক নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰিল RPF জোৱানে

By

Published : Apr 23, 2022, 10:19 PM IST

thumbnail

অপাৰেচন জীৱন ৰক্ষাৰ অধীনত আৰপিএফে আকৌ এবাৰ এজন যাত্ৰীৰ জীৱন ৰক্ষা কৰিছে । এই বিশেষ ঘটনাটো সংঘটিত হৈছে জবলপুৰ ৰেল ষ্টেচনৰ ৬ নং প্লেটফৰ্মত ৷ ঘটনা অনুসৰি ৬৫ বছৰীয়া মহিলা এগৰাকীয়ে চলন্ত ৰেলৰ পৰা নামিবলৈ চেষ্টা কৰাৰ সময়তে তেওঁৰ ভাৰসাম্য হেৰুৱাই তললৈ পিচলৈ যায় (Woman fell from train jabalpur ) ৷ ইয়াৰ পিচতে চলন্ত ৰেলখনৰ তললৈ গৈ মহিলাগৰাকীয়ে জীৱন হেৰুৱাৰ উপক্ৰম হয় ৷ দৈৱক্ৰমে, আৰপিএফ জোৱান হৰিকেশ ডুবে তাত নিয়োজিত আছিল আৰু অৱশেষত তেওঁ মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ চাওক এই সমগ্ৰ ঘটনা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.