পাঁচদিনীয়া কাৰ্যসূচীৰে বাক্সাৰ শ্ৰীপুৰ দেৱালয়ত অনুষ্ঠিত হৈছে দুৰ্গা পূজা

By

Published : Oct 4, 2022, 1:32 PM IST

thumbnail

আজি মহানৱমী (Maha Navami 2022)। ধৰ্মীয় ৰীতিৰে চলিছে মা দুৰ্গাৰ পূজা–অৰ্চনা । চৌদিশে কেৱল মংগলময় পৰিৱেশ (Durga Puja in Assam) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখিয়াকৈ বাক্সাতো দেখা গ’ল অগণন ভক্তৰ ভিৰ ৷ বাক্সা জিলাৰ ঐতিহ্যমণ্ডিত অতি পুৰণি পুৰাণ শ্ৰীপুৰ দেৱালয়ত বিগত বৰ্ষৰ দৰে এইবাৰো পাঁচদিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী দুৰ্গা পূজাভাগ ধুমধামেৰে উদযাপন কৰা পৰিলক্ষিত হৈছে ৷ পুৱাৰে পৰা ভক্তৰ লানি নিচিগা শাৰী দেৱালয়ত (Durga Puja celebrates in Baksa) ৷ ভক্তপ্ৰাণ ৰাইজে মাৰ চৰণত নৈবদ্য আগবঢ়োৱাৰ লগতে চাকি-বন্তি, ধূপ-ধূনা জ্বলাই মাৰ আশীষ লোৱা পৰিলক্ষিত হয় ৷ আজি নৱমীৰ দিনা মহ, পঠা ছাগলী, হাহঁ, কোমোৰা, কুঁহিয়া, কচু আৰু তামোল বলি দিব বুলি মন্দিৰৰ পূজাৰীয়ে জানিব দিয়ে ৷ ইফালে শ্ৰীপুৰ দেৱালয়ত উপস্থিত হৈ মাৰ আশীষ ল’লে বিটিচিৰ প্ৰাক্তন এম চি এল এ অনসুমৈ শুংগুৰ বড়োৱে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.