ড্ৰাগছসহ মাজদিয়া আৰক্ষীৰ জালত সৰবৰাহকাৰী

By

Published : Sep 10, 2022, 2:09 PM IST

thumbnail

বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীয়ে শুকুৰবাৰে ক্ষুদ্ৰ বামুনবড়ীৰ পৰা সন্দেহযুক্ত হেৰ'ইনসহ এজন সৰবৰাহকাৰীক আটক কৰে(Drug paddler arrested) ৷ ধৃত যুৱকজন ক্ষুদ্ৰবামুনবড়ীৰ চাইদুল আলী(21) বুলি জানিব পৰা হৈছে । মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিৰ্বাণ ৰাহাঙৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই আটক কৰে চাইদুল আলীক ৷ যুৱকজনৰ পৰা ৩ টা সন্দেহযুক্ত হেৰ'ইন ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ(Heroin seized in Barpeta), দুটা খালি প্লাষ্টিকৰ কন্টেইনাৰ আৰু এটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে । ধৃত চাইদুল আলী দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল । ধৃত চাইদুলৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ কথা জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.