বাইহাটাৰ জ্যোতিস্মিতা-জোনালীৰ মুখত বিজয়ৰ হাঁহি

By

Published : Sep 18, 2022, 3:52 PM IST

thumbnail

দেওবাৰে ঘোষণা কৰা হয় অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল(Assam Police Recruitment 2022) । ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বাইহাটা চাৰিআলিতো এই পৰীক্ষাত উত্তীৰ্ণ হ'ল কেইবাগৰাকীও যুৱক যুবতী(Assam Police constable Recruitment) । ফলাফল লাভ কৰি আনন্দত আত্মহাৰা পৰিয়াল । কামৰূপৰ বাইহাটা চাৰিআলিত নিজৰ কষ্ট আৰু অধ্যাৱসায়ৰ ফলত দুগৰাকী যুৱতীয়ে উত্তীৰ্ণ হয় আৰক্ষীৰ কনিষ্টবল পৰীক্ষাত(Baihata youth recruited in police) । বাইহাটা চাৰিআলিৰ ননৰা গাঁৱৰ অক্ষয় ডেকাৰ কন্যা জ্যোতিস্মিতা ডেকা আৰু খৰিকটা গাঁৱৰ জোনালী বৈশ্য উত্তীৰ্ণ হয় এই পৰীক্ষাত । নিকাভাৱে নিযুক্তি প্ৰক্ৰিয়া সমাপন কৰাত অত্যন্ত সুখী অনুভৱ কৰাৰ লগতে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে যুৱতী দুগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.