গোলাঘাটত 9 mm পিষ্টলসহ আটক দুজন

By

Published : Sep 23, 2021, 10:17 AM IST

thumbnail

গোলাঘাটত বিগত দুটা দিনত আৰক্ষীয়ে দুটাকৈ পিষ্টল উদ্ধাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জিলাখনৰ এৰেঙাপাৰাত মঙলবাৰে আৰক্ষীয়ে এজন যুৱকৰ পৰা পিষ্টল উদ্ধাৰ কৰাৰ পাছত বুধবাৰে নিশা পুনৰ কছাৰীহাটত এটা 9mm পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কছাৰীহাটৰ ৰফিকুল হুছেইন আৰু আখতাৰ হুছেইন নামৰ দুই ভাতৃয়ে নিজৰ ব্ৰয়লাৰৰ দোকানত লুকুৱাই ৰাখিছিল পিষ্টলটো । গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত গোলাঘাট আৰক্ষীৰ এটা দলে উদ্ধাৰ কৰে পিষ্টলটো । আৰক্ষীৰ দলটোৱে পিষ্টলটোৰ সৈতে ২ জাঁই সজীৱ 9mm গুলী আৰু ১০ জাই সজীৱ .22 গুলী উদ্ধাৰ কৰে । সম্প্ৰতি গোলাঘাট আৰক্ষীৰ জিম্মাত আছে দুই ভাতৃ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.