বিটিআৰত টেট উত্তীৰ্ণ প্ৰাৰ্থীক পৰ্যায়ক্ৰমে নিযুক্তি দিয়া হ’ব: প্ৰমোদ বড়ো

By

Published : Jun 1, 2021, 5:24 PM IST

thumbnail

মঙলবাৰে বাক্সা জিলাৰ মুছলপুৰত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিটিআৰৰ উন্নয়নৰ কাৰণে এখন বিশেষ বেঠকৰ আয়োজন কৰে ৷ উক্ত সভাত মন্ত্ৰী ইউ জি ব্ৰহ্ম, সাংসদ নৱ কুমাৰ শৰণীয়া, বি টি আৰৰ ই এম, জি এমৰ লগতে উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে ৷ বিশেষকৈ অৰুণোদয় আঁচনি, স্বয়ম আঁচনি, গৰাখহনীয়া, ৰাস্তা ঘাত, মথাউৰি, স্কুল কলেজৰ সমস্যা সমূহ কেনে ধৰণে সমাধান কৰিব সেই সন্দৰ্ভথ এই বৈঠকত আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়োৱে ৷ ১৯৯৯ চনত নিযুক্তি প্ৰাপ্ত শিক্ষক সকলক সমাধানৰ ক্ষেত্ৰত বিটিআৰ চৰকাৰে গুৰুত্বআৰোপ কৰিছে বুলিও কয় ৷ টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলক পৰ্যায়ক্ৰমে নিযুক্তি দিয়া হ’ব বুলিও কয় প্ৰমোদ বড়োৱে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.