থাওৰাত সুশান্ত বৰগোঁহাইৰ ভোটাধিকাৰ সাব্যস্ত

By

Published : Oct 30, 2021, 11:32 AM IST

thumbnail

অধিক আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা থাওৰাৰ নিৰ্বাচনী যুঁজ ৷ কংগ্ৰেছ নেতা সুশান্ত বৰগোঁহাইৰ বিজেপি গমনৰ পিছত সমষ্টিটোত উপ নিৰ্বাচনৰ ছবিখন অধিক আকৰ্ষণীয় কৰি তুলিছে ৷ পুৱাৰে পৰা প্ৰায়বোৰ ভোটগ্ৰহণ কেন্দ্ৰতে ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে ৷ থাওৰাৰ নিৰ্বাচনী যুঁজখন মূলতঃ সুশান্ত বৰগোঁহাই, ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰ আৰু চিপিআই প্ৰাৰ্থী কৃষ্ণ গগৈৰ মাজতে সীমাবদ্ধ থকাৰ সম্ভাৱনা আছে ৷ আন আন লোকৰ দৰে শনিবাৰে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহায়েও ভোটাধিকাৰ সাব্যস্ত কৰে ৷ সমষ্টিটোত বিশেষকৈ বিশেষভাৱে সক্ষম লোকসকলে পুৱাৰে পৰা স্বতঃস্ফুৰ্তভাৱে ভোটদান কৰা দেখা যায় ৷ পূৰ্বৰ তুলনাত ভোটদানৰ হাৰ হ্ৰাস পোৱাৰ সম্ভাৱনা থকা বুলি সুশান্ত বৰগোঁহায়ে সদৰী কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.