শিলচৰৰ কালাইন ৰোডৰ বৰাক নদীৰ খহনীয়াঃ চিন্তিত স্থানীয় ৰাইজ

By

Published : Mar 13, 2020, 10:43 PM IST

thumbnail

শিলচৰৰ কালাইন ৰোডৰ বৰাক নদীৰ খহনীয়াই চিন্তিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক ৷ ইতিমধ্যে খহনীয়া ৰোধৰ বাবে চৰকাৰে 10 কোটি টকা ব্যয় কৰিছে যদিও প্ৰকৃতাৰ্থত কাৰ্যত ৰূপায়িত হোৱা নাই খহনীয়া ৰোধৰ কাম ৷ যাৰ বাবে এতিয়া স্থানীয় ৰাইজে গঠন কৰিছে এখন তদাৰকী কমিটি ৷ শুকুৰবাৰে কাছাৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক কণাদ পুৰকায়স্থই উক্ত স্থান পৰিদৰ্শন কৰি কয় যে, কংগ্ৰেছ চৰকাৰৰ তুলনাত বিজেপি চৰকাৰে তীব্ৰতাৰে খহনীয়া ৰোধৰ কাম কৰি আছে ৷ অতি শীঘ্ৰে তেখেতে ৰাইজৰ এই সমস্যা সমাধান হ’ব বুলি আশ্বাস প্ৰদানত কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.