হোজাইত ডালমিয়া চিমেণ্ট ফেক্টৰীৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

By

Published : Sep 26, 2021, 10:17 PM IST

thumbnail

হোজাই জিলাৰ ডালমিয়া চিমেণ্ট ফেক্টৰীৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ৷ একাংশ স্থানীয় ৰাইজে ডালমিয়া চিমেণ্ট ফেক্টৰী সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখযোগ্য যে, ডালমিয়া ক্লিংকাৰ ভৰ্তি ট্ৰাকে পুনৰ এগৰাকী স্থানীয় মহিলাক মহতিয়াই লৈ যোৱাত এই উত্তপ্ত পৰিস্থিতি ডালমিয়া ফেক্টৰীত । উত্তেজিত ৰাইজে তলা ওলমালে ডালমিয়া ফেক্টৰীৰ গেটত । ডালমিয়া-বামুণগাঁও সংযোগী পথ অবৰোধ কৰিলে উত্তেজিত ৰাইজে । পথ অবৰোধৰ ফলত শ শ ট্ৰাক আবদ্ধ হৈ পৰাত তীব্ৰ জানজঁটৰ সৃষ্টি । ডালমিয়া হায় হায়, ডালমিয়া দাদাগিৰি নচলিব, নিৰীহ লোকক হত্যা কৰা বন্ধ কৰক ইত্যাদি দাবীৰ উত্তাল পৰিবেশ । ডালমিয়া কৰ্তৃপক্ষই ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰক, ডালমিয়া ট্ৰাক ড্ৰাইভাৰৰ দৌৰাত্ম বন্ধ কৰক, স্থানীয় লোকক ডালমিয়া কামত নিয়োজিত কৰক, ডালমিয়া GM এ লিখিত প্ৰতিশ্ৰুতি দিয়ক ইত্যাদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.