পে‘ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গাড়ী চালক সন্থাৰ প্ৰতিবাদ

By

Published : Jul 20, 2021, 2:30 PM IST

thumbnail

সদৌ অসম গাড়ী চালক সন্থাৰ অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱৰ্কাচ ফেডাৰেচনে মঙলবাৰে তিনিচুকীয়া জিলাৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ (ASTC) বাছ আস্থানৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ক'ৰণা (Covid 19) সংক্ৰমণ মাজতেই সমগ্ৰ দেশত পে’ট্ৰল-ডিজেল (Petrol Diesel)আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঙ্ঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক ৷ মহামাৰী সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা ক’ভিড প্ৰ'টকল (Covid Protocol) নীতি-নিৰ্দেশনাই গাড়ী মালিক তথা চালকসকলৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি কৰিছে । সেয়েহে পে’ট্ৰল-ডিজেলৰ (Petrol Diesel) লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰা আৰু ক'ৰণাকালীন (Covid 19) সময়ত যান-বাহনৰ কৰ ৰেহাই দিয়াৰ কেইবাদফীয়া দাবীত ৰোড ট্ৰেন্সপোৰ্ট ৱৰ্কাচ ফেডাৰেচনে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.