গামোচা-বেলুনেৰে সজাই পৰাই তোলা হৈছে ভোট গ্ৰহণ কেন্দ্ৰ

By

Published : Apr 5, 2021, 10:21 PM IST

thumbnail

অসমীয়াৰ স্বাভিমান গামোচা, বেলুন আৰু নানা ৰঙেৰে সজাই পৰাই তোলা হৈছে এটা বিশেষ ভোটগ্ৰহণ কেন্দ্ৰ ৷ সজাই পৰাই তোলা হৈছে "কলগাছিয়া অসমীয়াৰ স্বাভিমান গামোচা, বেলুন আৰু নানা ৰঙেৰে সজাই পৰাই তোলা হৈছে এটা বিশেষ ভোটগ্ৰহণ কেন্দ্ৰ ৷ সজাই পৰাই তোলা হৈছে ‘কলগাছিয়া এম ই স্কুল’ নামৰ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰটো । প্ৰাপ্ত তথ্য অনুসৰি, জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে এই ভোট গ্ৰহণ কেন্দ্ৰটোত ৰাতিপুৱা ৭ বজাত ভোটদান সাব্যস্ত কৰিব । সেই উপলক্ষে কলগাছিয়াৰ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে পোলিং বিষয়া সকল । এনেধৰণৰ আদৰ্শ ভোট কেন্দ্ৰ পাই উৎফুল্লিত হৈ পৰিছে পলিং বিষয়া সকল । ৰাতিপুৱা ৭ বজাৰ পৰা ক’ভিড প্ৰ’ট’কল মানি ভোট গ্ৰহণ কৰা হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে নিৰ্বাচনী বিষয়া সকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.