লামডিং সংৰক্ষিত বনাঞ্চলত বন্য হস্তীৰ বাবে খোৱা পানীৰ ব্যৱস্থা

By

Published : Aug 1, 2021, 4:35 PM IST

thumbnail

ৰাজ্যত সঘনে সংঘটিত হোৱা হস্তী-মানুহৰ সংঘাত এক জটিল সমস্যা ৰূপে চিহ্নিত হোৱা সময়চোৱাতে হোজাই জিলাত বিশ্ব হিন্দু পৰিষদে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ লামডিং সংৰক্ষিত বনাঞ্চলৰ হস্তী প্ৰকল্প ঘোষিত অঞ্চলত হস্তীৰ বাবে পানী খোৱা পুখুৰী নিৰ্মাণৰ প্ৰস্তুতি চলাইছে পৰিষদে ৷ লামডিং বনাঞ্চলত হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ লামডিং বনাঞ্চলৰ মাজত তথা 27 নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত এটা বৃহৎ আকাৰৰ পুখুৰী নিৰ্মাণ কৰা হ'ব ৷ লগতে লামডিং বনাঞ্চলৰ বিভিন্ন ঠাইত কলগছৰ পুলি ৰোপণৰ এক পদক্ষেপ গ্ৰহণ কৰিছে বিশ্ব হিন্দু পৰিষদে ৷ দেওবাৰে উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তাসকলে উক্ত অনুষ্ঠানৰ ফিটা কাটি শুভাৰম্ভ কৰে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.