বৰপেটাৰোডৰ মাটিৰ দালাল ৰামানন্দৰ বাসগৃহত আৰক্ষীৰ তালাচী

By

Published : Sep 23, 2021, 9:56 PM IST

thumbnail

বৰপেটাৰোডৰ মাটিৰ দালাল ৰামানন্দ দাসৰ ঘৰত আৰক্ষীৰ তালাচী ৷ বৰপেটাৰোডৰ মাটিৰ দালাল ৰামানন্দ দাসৰ বহু মাটি সম্পত্তি থকাৰ লগতে কেইবা কেবাটাও অট্টালিকা আছে বুলি জানিব পৰা গৈছে । মঙলবাৰে কৰায়ত্ত কৰা ছয় মাটিৰ দালালৰ ভিতৰত তিনিজনক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে ৰামানন্দ দাস কৃষ্ণ দাস আৰু ইউনুচ আলীক আৰক্ষীয়ে জিম্মালৈ লৈ আনে ৷ সেই মৰ্মে বৰপেটাৰোড আৰক্ষীৰ বৃহৎ দল এটাই বৃহস্পতিবাৰে ৰামানন্দ দাসৰ কলহভাঙাস্থিত বাসগৃহত তন্নতন্নকৈ তালাচী অভিযান চলাই বহু গুৰুত্বপূৰ্ণ নথি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, ৰামানন্দ দাস নামৰ এই গৰাকী মাটিৰ দালালৰ পূৰ্বে সৰু এখন গেলামালৰ দোকান আছিল ৷ পৰৱৰ্তী সময়ত এইগৰাকী মাটিৰ দালাল ৰামানন্দ দাসে তৰণীৰ কাম আৰম্ভ কৰিছিল ৷ তৰণীৰ কাম আৰম্ভ কৰা দিনৰে পৰাই মাটিৰ দালালি কৰা এইগৰাকী মাটিৰ দালাল ৰামানন্দ দাসে সম্পত্তিৰ পাহাৰ গঢ়িছে ৷ তাৰোপৰি এইগৰাকী মাটিৰ দালাল ৰামানন্দ দাসৰ বিৰুদ্ধে বৰপেটাৰোডৰ মৰামনাহৰ মাটি বেদখল কৰি উক্ত বেদখলকৃত মাটিত অট্টালিকা সাজি থকা বুলিও অভিযোগ উত্থাপন হৈছে ৷ আনহাতে মাটিৰ দালাল ৰামানন্দ দাসৰ শিমলাগুৰী আৰু কলহভাংগাত দুটাকৈ খোৱাৰ পানীৰ ইণ্ডাষ্ট্ৰীও আছে বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.