PNRD Contractual Employee: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত প্ৰতিবাদে আনিছে বেমেজালি

By

Published : Feb 9, 2022, 2:16 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ প্ৰতিবাদী কাৰ্যসূচী (pnrd contractual employee protest) ৷ অন্য জিলাৰ দৰে বৰপেটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলে পালন কৰি আহিছে কৰ্মবিৰতি কাৰ্যসূচী (PNRD Contractual Employee) ৷ মুলতঃ আৰ ও পি অনুসৰি দৰমহাৰ গাঁথনি যুগুত কৰা, ৬০ বছৰ বয়সলৈ চাকৰিৰ নিশ্চিতিকৰণ, আৰু সম কামৰ সম অধিকাৰকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰী সকলে পালন কৰি অহা প্ৰতিবাদী কাৰ্যসূচীয়ে ইতিমধ্যে সাতটা দিন অতিক্ৰম কৰিলে ৷ সমগ্ৰ ৰাজ্যজুৰি ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ এই কৰ্মবিৰতি কাৰ্যসূচীৰ ফলত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজ প্ৰায় স্তব্ধ হৈ পৰিছে যদিও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে কৰ্মচাৰীৰ আন্দোলনৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ ঠিকাভিত্তিক কৰ্মচাৰীসকলে কাতৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.