ভোটাধিকাৰ সাব্যস্ত কৰিছে শিৱসাগৰ সমষ্টিৰ ভোটাৰে

By

Published : Mar 27, 2021, 10:09 AM IST

thumbnail

আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ অসমৰ 12 খন জিলাৰ 47 টা সমষ্টিত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত পুৱা 7 বজাৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিছে ভোটাৰ ৰাইজে ৷ শিৱসাগৰ বিধান সভা সমষ্টিত মুঠ 1,51,675 গৰাকী ভোটাৰ আছে ৷ ইয়াৰে 75,442 গৰাকী পুৰুষ আৰু 76,233 গৰাকী মহিলা ভোটাৰ ৷ মুঠ 223 টা ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিছে সাধাৰণ ৰাইজে ৷ সমষ্টিৰ বহুকেইটা ভোট কেন্দ্ৰত কাৰিকৰী বিজুতিৰ খবৰ আহিছে ৷ নগৰৰ থানুৰাম গগৈ সোঁৱৰণী ভোট কেন্দ্ৰত ইভিএমৰ বিজুতিৰ বাবে পলমকৈ ভোট গ্ৰহণ আৰম্ভ হৈছে ৷ তথাপিও ৰাইজে বহু উৎসাহেৰে ভোট প্ৰদানৰ বাবে ওলাই অহা পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.