ধেমাজিত বানাক্ৰান্তৰ পথাৰ আৰু চোতালত নজ্বলে কাতি বিহুৰ চাকি

By

Published : Oct 18, 2021, 7:23 PM IST

thumbnail

ধেমাজিৰ জীয়াঢলৰ বানত সৰ্বস্বান্ত পৰিয়ালৰ মাজত নাই কাতি বিহুৰ উচাহ ৷ বাৰিষাত জীয়াঢলে তচনচ কৰি থৈ গ'ল ভজু গাঁও, পাভমাৰী আদি অঞ্চল ৷ পথাৰত বিস্তীৰ্ণ অঞ্চল কেৱল বালিময় ৷ মাজে মাজে বাওধন দিয়া আছিল যদিও লিহিৰা বনে ৰাইজৰ শেষ সম্বলো নষ্ট কৰিলে ৷ যাৰ ফলত কাতি বিহুত পথাৰত চাকি দিবলৈ এতিয়া এই অঞ্চলসমূহত এখন সেউজীয়া পথাৰৰ অভাৱ ৷ ইফালে কাতি মাহতো বহু পৰিয়ালৰ চোতাল এতিয়াও পানীৰ তলত ৷ যাৰ পৰিপ্ৰেক্ষিতত চোতালত তুলসী তলত এগছ বন্তি জ্বলাই পৰম্পৰা ৰক্ষা কৰিবলৈও অপাৰগ এইসকল দুৰ্ভগীয়া ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.