লখিমপুৰত চাহ বাগিচাৰ ছাত্র-ছাত্রীৰ সুবিধাৰ্থে NEEPCO এ আগবঢ়াইছে বাছ

By

Published : Oct 12, 2021, 9:36 PM IST

thumbnail

উত্তৰ পূৱ বিদ্যুৎ শক্তি নিগম চমুকৈ নীপকো (NEEPCO) ৱে লখিমপুৰৰ চাহ বাগিচালৈ আগবঢ়াইছে এখন বাছ । লখিমপুৰ জিলা প্ৰশাসনৰ জৰিয়তে হস্তান্তৰ কৰিছে এই নতুন বাছ খন । মঙলবাৰে লখিমপুৰৰ আৱৰ্ত ভৱনৰ চৌহদত জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱনে নীপকোৰ পৰা গ্ৰহণ কৰি জিলা খনৰ জহিং কয়লামাৰী বাগিচাৰ কৰ্তৃপক্ষক অৰ্পণ কৰে বাছ খন । উক্ত অনুষ্ঠানটোত বিধায়ক মানৱ ডেকাসহ নীপকো আৰু বাগিচা কৰ্তৃপক্ষই অংশ গ্ৰহণ কৰে । বাছ খন ব্যৱহাৰ হ’ব ছাত্ৰ- ছাত্ৰীক বিদ্যালয়লৈ অনা নিয়া কৰাৰ বাবে । উল্লেখযোগ্য যে, বিগত সময়ছোৱাত চাহ জনজাতি ছাত্ৰ-সন্থাই জিলা প্ৰশাসনক বাগিচাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এখন বাছ প্ৰদান কৰিবলৈ আবেদন জনাইছিল । আটছাৰ সেই আবেদনৰ পৰিপ্ৰেক্ষিততে তদানীন্তন উপায়ুক্তই নীপকোৰে যোগাযোগ কৰিছিল আৰু আজি নীপকোৱে প্ৰশাসনৰ জৰিয়তে বাছ খন বাগিচা লৈ হস্তান্তৰ কৰে । জিলা খনৰ অন্য বাগিচা কেইখনতো এনেদৰে বাছ আগবঢ়াবৰ বাবে উপায়ুক্তই আহ্বান জনাই নীপকোক ৷ যাৰ ফলত বাগিচা এলেকাৰ শৈক্ষিক ক্ষেত্ৰতো যোগাত্মক প্ৰভাৱ পৰিব বুলি আশা ব্যক্ত কৰিছে উপায়ুক্ত সকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.