Nagaon encounter case: কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ আৰক্ষীৰ ভুল বুলি মানি লৈছে আনন্দ মিশ্ৰই

By

Published : Feb 9, 2022, 3:49 PM IST

thumbnail

পৱন বৰঠাকুৰৰ তদন্তৰ প্ৰতিবেদনক লৈ সন্তুষ্ট আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰক লৈ চৰকাৰে গঠন কৰি দিয়া তদন্ত সমিতিৰ প্ৰতিবেদনক লৈ সন্তুষ্ট নগাৱঁৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra expresses satisfaction with investigation report) । ২২ জানুৱাৰীত সংঘটিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ (Kirtikamal Bora encounter case) আৰক্ষীৰ ভুল আছিল বুলি তদন্তৰ প্ৰতিবেদনত প্ৰকাশ পোৱাত আৰক্ষীৰ ভুল মানি লৈছে আনন্দ মিশ্ৰই । কাৰ নিৰ্দেশত আৰক্ষীয়ে গুলীয়াইছিল সেই বিষয়ে অৱগত নহয় বুলিও জনালে আৰক্ষী অধীক্ষকজনে ৷ এণ্টি নাৰ্ক’টিক স্কোৱাড ভংগ হ’লেও ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলি থাকিব বুলি মন্তব্য কৰে তেওঁ । তদন্তৰ প্ৰতিবেদনক লৈ সন্তুষ্টি প্ৰকাশ কৰা আনন্দ মিশ্ৰই কিন্তু কীৰ্তিকমলে ড্ৰাগছৰ গোচৰত অভিযুক্ত জাকিৰ হুছেইনৰ লগত কি কৰি আছিল বুলি প্ৰশ্নও উত্থাপন কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.