আধাৰশিলাৰ ৰাজনীতি বিজেপিয়ে বাদ দিছে : দিলীপ শইকীয়া

By

Published : Sep 21, 2021, 10:11 PM IST

thumbnail

আধাৰশিলাৰ ৰাজনীতি বিজেপিয়ে বাদ দিছে । বিজেপিয়ে যিদিনাৰ পৰাই ভূমি-পূজন বা শিলান্যাস কৰে সিদিনাৰ পৰাই কাম আৰম্ভ কৰে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত এই কাম সমাপ্ত হ’ব । পূৰ্বৰ আধাৰশিলা স্থাপন কৰি পেলাই থৈ দিয়াৰ পৰম্পৰা এতিয়া নচলিব । বাইহাটা চাৰিআলিত এই মন্তব্য মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ । কমলপুৰ সমষ্টিৰ অন্তৰ্গত বিহদিয়া জাজীকোনা উন্নয়ণ খণ্ড আৰু কমলপুৰ উন্নয়ণ খণ্ডৰ কেইবাটাও পথৰ উদ্বোধন আৰু গৃহৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰে সাংসদ গৰাকীয়ে । একেলগে উপ-নিৰ্বাচন সম্পৰ্কেও মত পোষণ কৰে সাংসদ গৰাকীয়ে । উপ-নিৰ্বাচনত আটাইকেইখন আসনতে বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থীয়ে এশ শতাংশই জয় লাভ কৰিব বুলি দাবী কৰে সাংসদ দিলীপ শইকীয়াই ৷ সাংসদ দিলীপ শইকীয়াৰ লগত একেলগে আধাৰশিলা আৰু উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই নিৰ্মাণ কাৰ্যৰ লগত জড়িত নিৰ্মান কমিটিৰ বিষয় ববীয়া তথা চৰকাৰি বিষয়াই দুৰ্নীতি কৰাৰ কথা গম পায় তেন্তে বিধায়ক গৰাকীয়ে নিজে চিএম ভিজিলেঞ্চত অভিযোগ কৰিব বুলি হুংকাৰ দিয়ে । এই ক্ষেত্ৰত কাৰো মুখ নেচাই বুলি উল্লেখ কৰে বিধায়ক দিগন্ত কলিতাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.