সৰুপথাত খৰাং পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী যোগেন মোহন আৰু অশোক সিংঘালৰ

By

Published : Jul 18, 2021, 12:34 PM IST

Updated : Jul 18, 2021, 12:46 PM IST

thumbnail

অসম চৰকাৰৰ কেবিনেট বৈঠকত সৰুপথাৰৰ আৰু গোলাঘাটক খৰাং পীড়িত অঞ্চল হিচাপে ঘোষণা কৰাৰ পাছতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (CM HIMANTA BISWA SARMA)নিৰ্দেশমৰ্মে শনিবাৰে বিয়লি সৰুপথাৰত মন্ত্ৰী যোগেন মোহন (Jogen Mohan)আৰু অশোক সিংঘাল (Ashok Singhal) উপস্থিত হৈ বিধায়ক বিশ্বজিৎ ফুকনৰ সহযোগত অঞ্চলটো পৰিভ্ৰমণ কৰি খৰাং পৰিস্থিতিৰ বুজ লয় । জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মোহনে সৰুপথাৰৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু মহকুমা কৃষি বিভাগৰ বিভাগীয় কৰ্তৃপক্ষক লগত লৈ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ চিলনীজানৰ ধনতুলাৰ খৰাং পৰিস্থিতি বুজ লয় । ইয়াৰ পাছত চিলনীজান গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাজহুৱা ভৱনত আৰু সৰুপথাৰস্থিত ব্ল’ক আইবি প্ৰেক্ষাগৃহত মন্ত্ৰীদ্বয় এখন আলোচনা সভাত মিলিত হয় । মন্ত্ৰীদ্বয়ে সৰুপথাৰ সমষ্টিৰ ২১ খন পঞ্চায়ত আৰু গোলাঘাট সমষ্টিৰ ৬ খনকৈ পঞ্চায়তৰ খৰাং পীড়িত কৃষকসকলক শীঘ্ৰে চৰকাৰী নিয়ম অনুসৰি ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।

Last Updated : Jul 18, 2021, 12:46 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.