নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড : কেমেৰা সন্মুখতে ছিলিণ্ডাৰ বিস্ফোৰণ

By

Published : Sep 22, 2021, 4:42 PM IST

thumbnail

নুনমাটিত বুধবাৰে পুৱাই সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । চাহৰ দোকানত গ্ৰাহকৰ বাবে চাহ বনাই থকাৰ সময়তে ছিলিণ্ডাৰ লিকেজ হৈ আকস্মিকভাৱে অগ্নিৰ সূত্ৰপাত হয় ৷ ইয়াৰ কিছু সময়ৰ পাচতে ছিলিণ্ডাৰটো বিস্ফোৰণ হৈ বহু দূৰলৈ চিটিকি যায় । অৱশ্যে এই অগ্নিকাণ্ডৰ ঘটনাত কোনো লোকৰ হতাহতি হোৱা নাই যদিও ব্যৱসায়িক প্ৰতিষ্ঠানখন জুইত সম্পূৰ্ণৰূপে জাহ যায় । স্থানীয় একাংশ লোকে জুই প্ৰত্যক্ষ কৰি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে । কিছু সময়ৰ পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ কেইবাঘণ্টাৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ দোকানখনৰ মালিকৰ নাম নৰেন বৈশ্য বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.