তেজপুৰ বাৰোৱাৰী দুৰ্গা পূজা মন্দিৰত মহালয়াৰ প্ৰস্তুতি

By

Published : Oct 4, 2021, 3:19 PM IST

Updated : Oct 4, 2021, 3:53 PM IST

thumbnail

শৰতৰ আগমনৰ লগে লগেই যেন আৰম্ভ হয় শাৰদীয় দুৰ্গোৎসৱৰ বতৰ ৷ শৰতে আগলি বতৰা দিয়ে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ মৰ্ত্যলৈ আগমনৰ ৷ চহৰ-নগৰ-গাঁও আদি সকলোতে দেৱী দুৰ্গাক আদৰাৰ আৰু পূজনৰ বাবে ব্যস্ততা চলিছে ৷ ৰাজ্যৰ আন আন ঠাইৰ সমান্তৰালকৈ তেজপুৰ বাৰোৱাৰী মন্দিৰৰ পূজা কমিটি ব্যস্ত হৈ পৰিছে মা দুর্গাৰ আগমন অৰ্থাৎ মহালয়াৰ বাবে । এই মন্দিৰত মহিলাৰ দ্বাৰা পৰিচালিত কৰিব এইবাৰৰ দুৰ্গা পূজা । মহিলা কমিটিয়ে ইতিমধ্যে আৰম্ভ কৰিছে পূজাৰ সম্পূৰ্ণ প্ৰস্তুতি । বিগত বছৰত মহামাৰী ক’ভিড-১৯ ৰ বাবে দুৰ্গা পূজাৰ আনন্দ উল্লাহ প্ৰায় ম্লান পৰিছিল ৷ কিন্তু পূৰ্বৰ বছৰতকৈ এইবাৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে দিনবোৰ ৷ যাৰ বাবে আয়োজক সকলেও আৰম্ভ কৰিছে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি । স্বৰ্গৰ পৰা ধৰাৰ বুকুলৈ মা দুর্গাৰ আগমনৰ প্ৰাকক্ষণত মা-দুৰ্গাক আদৰাৰ প্ৰস্তুতি চলিছে তেজপুৰ চহৰৰ বাৰোৱাৰী দুৰ্গা মন্দিৰত ।

Last Updated : Oct 4, 2021, 3:53 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.