গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত কলগাছিয়াত প্ৰতিবাদ

By

Published : Sep 21, 2021, 3:28 PM IST

thumbnail

প্ৰতিবছৰে ৰাজ্যত গৰাখহনীয়াৰ (erosion) ফলত লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈ আহিছে । এইবছৰো বানপানী (flood) আৰু গৰাখহনীয়াৰ ফলত বহু লোক গৃহহীন হোৱাৰ লগতে বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈছে । বৰপেটা জিলাত বেঁকী নৈৰ প্ৰৱল গৰাখহনীয়াত বহু লোকে সকলো হেৰুৱাইছে । যাৰ বাবে গৰাখহনীয়াৰ স্থায়ী সমাধান, গৃহহীন লোকক পুনৰ সংস্থাপনৰ দাবীত কলগাছিয়া মহকুমা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীয়ে কৰাৰকুৰৰ বেঁকী দলঙৰ ওচৰত ২ ঘন্টা ধৰি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে । বেঁকী নৈৰ পৰা অবৈধ বালি খনন বন্ধ কৰা আৰু বেঁকীৰ গৰাখহনীয়াৰ কৱলৰ পৰা বিকল্প ৰাজ্যিক ঘাইপথ ৰক্ষা কৰাৰো দাবী জনায় প্ৰতিবাদকাৰীসকলে । বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্ল'গান দিয়াৰ লগতে প্ৰতিবাদকাৰীয়ে কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে জলসম্পদ বিভাগৰ সচিবলৈ এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে । বালি-মাফিয়াৰ বিৰুদ্ধে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক উচিত ব্যৱস্থা ল'বলৈ দাবী জনায় প্ৰতিবাদকাৰীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.