মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ ভোটদান

By

Published : Apr 1, 2021, 10:17 AM IST

thumbnail

আজি ৰাজ্যত অনুষ্ঠিত হৈছে অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত ভোটাধিকাৰ সাব্যস্ত কৰিলে কমলপুৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই ৷ ভোটাধিকাৰ সাব্যস্ত কৰি দিগন্ত কলিতাই মন্তব্য কৰে যে, ৰাইজৰ নেতা হিচাপে নহয়, বেটা হিচাপেহে থাকিব তেওঁ ৷ সমষ্টিটোৰ অধীনৰ শিংৰা প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰি এইদৰে মন্তব্য কৰে প্ৰাৰ্থী গৰাকীয়ে ৷ পৰিয়ালৰ সৈতে ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ কলিতাই ভোটাধিকাৰ সাব্যস্ত কৰে ৷ তদুপৰি এক লাখৰো অধিক ভোট লাভ কৰিব বুলি দাবী কৰে কলিতাই ৷

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.